বাজেট গেজেট : সস্তাতে ক্ৰয় কৰক লেপটপ

bf laptop deals pcw 9

কৰ’না মহামাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ বিষয়টোৱে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে। ইয়াৰ ফলতে,সমগ্র দেশত লেপটপৰ বিক্ৰী লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। তদুপৰি পূৰ্বৰ তুলনাত ভালেখিনি কম দামতে বজাৰলৈ আহিবলৈ আৰম্ভ কৰিছে নতুন নতুন লেপটপ মডেল।কৰ’নাৰ পূৰ্বে ৩০ হেজাৰ টকাতকৈ কম মূল্যৰ লেপটপ বজাৰত দুর্লভ আছিল যদিও ভাৰতীয় বজাৰত এতিয়া এনে কে’বাটাও লেপটপ মুকলি কৰা হৈছে। অৱশ্যে এই সস্তীয়া লেপটপৰ তালিকাৰ কিছুমান মডেলত অপাৰেটিং ছিষ্টেম ইনষ্টল কৰা নাথাকে। গ্রাহকে পাছত পৃথকে অপাৰেটিং ছিষ্টেম ক্রয় কৰি ইনষ্টল কৰিব লাগে। আন কিছুমান লেপটপ আছে য’ত ক্রম অ’এছ অপাৰেটিং চিষ্টেম ইনষ্টল কৰা থাকে। ৩০হেজাৰ টকাতকৈ কম মূল্যৰ কেইটামান জনপ্রিয় লেপটপ মডেলৰ বিষয়ে তলত দিয়া হ’ল…

লেনােভাে ভি১৫
মূল্য : ২৯,২০০ টকা

লেনােভাে ভি১৫ চেলেন এন ৪০২০ প্রচেছৰৰ দ্বাৰা চালিত। লেনােভােৰ এই লেপটপত ১৫.৬ ইঞ্চিৰ এইছডি (৭২০ পি) ডিপ্লে আছে । এই লেপটপটো চাৰি জিবি ৰেম আৰু ১টিবি হার্ড ড্রাইভৰ স’তে আহে। ভি১৫ত এটা ডিঅ’এছ অপাৰেটিং ছিষ্টেম আছে। যদি আপুনি বিচাৰে,আপুনি এই লেপটপটো ক্ৰয় কৰাৰ পাছত উইণ্ডোজ ১০ বা উইণ্ডোজ ১০ অপাৰেটিং ছিষ্টেম নিজাকৈ ইনষ্টল কৰি ল’ব পাৰে।

এচাৰ এক্সটেনচা ১৫
মূল্যঃ ২৭,৯০০ টকা

এচাৰ এক্সটেনচা ১৫-ত ১৫.৬ ইঞ্চিৰ এইছডি ডিচপ্লে আছে।এই লেপটপটোত এএমডি ৩০২০ ই ডুৱেল-কোৰ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে। বজাৰত এই মডেলটো চাৰি জিবি মে আৰু ১টিবি হার্ড ড্রাইভৰ স’তে উপলব্ধ। লেপটপটোত উইণ্ডোজ ১০ অপাৰেটিং চিষ্টেম ইনষ্টল কৰাই থাকে যদিও গ্রাহকে বিচাৰিলে উইণ্ডোজ ১১ লৈ আপগ্রেড কৰি ল’ব পাৰে। আনহাতে, ইন্টেল প্রচেছৰৰ স’তে এচাৰ এক্সটেনচা ১৫ৰ আন এটা ভেৰিয়েন্টো আছে। এই মডেলটোৰ মূল্য ২৯,৯০০ টকা। লেপটপটো ইন্টেল পেন্টিয়াম চিলভাৰ এন। ৫০৩০ প্রচেছৰৰ দ্বাৰা চালিত আৰু ১টিবি হার্ড ড্রাইভ পৰিৱর্তে, ইয়াত ২৫৬ জিবি এছএছড়ি থাকে।

ডেল ১৫ (২০২১)
মূল্য : ২৯,৯৯০ টকা

ডেল ১৫ (২০২১) এএমডি চিলভাৰ ৩০৫০ ইউ প্রচেছৰৰ দ্বাৰা চালিত। ৩০,০০০ টকাৰ কম মূল্যতে এই লেপটপটোৱে ৪জিবি ৰেম আৰু ২৫৬ জিবি এছএছডি ষ্টোৰেজ লাভ কৰিছে। ফলস্বৰূপে, এই লেপটপটো দ্রুততাৰে বুট হয় আৰু সােনকালেই যিকোনাে এপ আদিক খুলিবলৈ সক্ষম । লেপটপটোত শেহতীয়া উইণ্ডোজ ১১ অপাৰেটিং ছিষ্টেমাে আছে।

 

আছুছ ক্রোমবুক ফ্লিপ
মূল্য : ২৩,৯৯০ টকা

যদি আপুনি ক্রমবুক এটা কিনাৰ পৰিকল্পনা কৰিছে,তেন্তে এই লেপটপটোৰ কথা ভাবি চাব পাৰে। ইয়াত এটা ইন্টেল চেলেন প্রচেছৰ আছে। এই মডেলটো ভাৰতীয় বজাৰৰ আটাইতকৈ সৰু আকাৰৰ লেপটপবােৰৰ ভিতৰত অন্যতম। ইয়াত ১১.৬ ইঞ্চিৰ ডিচপ্লে আছে আৰু ই চাৰি জিবি ৰেম আৰু ৬৪ জিবি স্টোৰেজৰ স’তে আহে।

এইছপি ক্রোমবুক ১৪
মূল্য : ২৭,৪৯০ টকা

১৪ ইঞ্চিৰ টাচস্ক্রীণ ডিপ্লেৰ স’তে এইটো এটা আকর্ষণীয় আৰ্হিৰ লেপটপ। এই লেপটপটো ক্রম অ’এছ।অপাৰেটিং ছিষ্টেমত চলে। ই চাৰি জিবি ৰেম আৰু ৬৪ জিবি ষ্টোৰেজৰ স’তে আহে। অৱশ্যে, যদি গ্রাহকে বিচাৰে, ২৫৬ জিবি লৈকে এছএছডি ইনষ্টল কৰাৰ সুযােগ আছে। এই মডেলটো ভাৰতীয় বজাৰৰ সর্বশ্রেষ্ঠ মজলীয়া আকাৰৰ ক্রোমবুকবােৰৰ ভিতৰত অন্যতম।

Exit mobile version