হোলীত এই গাঁওৰ নতুন জোঁৱাইক গাধৰ পিঠিত উঠাই ঘূৰোৱা হয় ! দিয়া হয় পছন্দৰ পোছাক

1647430754 donkey

কেতিয়াবা শুনিছে নে নতুন জোঁৱাইয়েকক গাধৰ পিঠিত ঘূৰোৱাৰ কথা ? বিশ্বৰ অন্য কোনো দেশত নহয়, এই দেশতে আছে এনে এক অদ্ভুত নিয়ম ।

মহাৰাষ্ট্ৰৰ বীডৰ বীৰা গাঁৱৰ বাসিন্দাসকলে যোৱা ৯০ বছৰ ধৰি এনে ধৰণৰ ৰীতি-নীতি পালন কৰি আহিছে। ইয়াৰ বাবে তেওঁলোকে হোলীৰ দিনটো বাছি লৈছে । কেৱল গাধৰ পিঠিত ঘূৰোৱাই নহয় ,জোঁৱাইক দিয়া হয় নতুন পোছাক ।

হোলিৰ তিনি-চাৰি দিন আগৰ পৰাই আৰম্ভ হয় নতুন জোঁৱাইৰ সন্ধান । হোলিৰ আগতে যাতে জোঁৱাইয়ে গাঁও এৰিব নোৱাৰে, সেয়ে সন্ধান পোৱাৰ পাছতেই নজৰবন্দী কৰে গাঁওবাসীয়ে ।

আনন্দৰাও দেশমুখ নামৰ এজন ব্যক্তিয়ে এই প্ৰথা আৰম্ভ কৰিছিল। তেওঁৰ জোঁৱায়েকক প্ৰথমে গাধৰ পিঠিত উঠাইছিল । তেতিয়াৰ পৰাই, এই প্ৰথা চলি আছে। আজিও নতুন জোঁৱাই গাধৰ পিঠিত উঠাই সেই ৰীতি পালন কৰা হয় ।

পৰম্পৰা অনুসৰি, সকলোৱে গাওঁখনৰ মাজত একত্ৰিত হয়। নতুন জোঁৱাইক সেই স্থানলৈ অনা হয়। তাৰ পাছত, তেওঁক এটা গাধৰ পিঠিত উঠাই গাওঁখনৰ হনুমান মন্দিৰলৈ লৈ যোৱা হয়।

পুৱা ১১ বজাত আৰম্ভ হয় এই ৰীতি ।গাধৰ পিঠিত উঠাই হনুমান মন্দিৰত উপস্থিত হোৱাৰ পাছত, গাওঁবাসীয়ে তেওঁক তেওঁৰ পচন্দৰ কাপোৰ কিনি দিয়ে। কেৱল কাপোৰেই নহয়, এই সময়ছোৱাত জোঁৱাইয়ে শহুৰৰ পৰা সোণৰ আঙুঠিও উপহাৰ পায়।

যদিও নতুন জোঁৱাইক গাধৰ পিঠিত উঠাই ঘূৰোৱাক লৈ যথেষ্ট বিতৰ্ক চলি আছে, গাওঁবাসীয়ে দাবী কৰে যে এই প্ৰথাৰ জৰিয়তে নতুন জোঁৱাইক অপমান কৰা হৈছে, বিষয়টো তেনে নহয় বুলি দাবী গাঁওবাসীৰ ।

Exit mobile version