Kaspersky : জনপ্রিয় এন্টিভাইৰাছ কেছপাস্কি ব্যৱহাৰ কৰিলে হেক হ’ব পাৰে ডিভাইচ ! জাৰি সতর্কতা

UKRAINE CRISIS GERMANY KASPERSKY 0 1647493399563 1647493434351

মস্কো-ভিত্তিক কেছপাৰস্কি লেবে তৈয়াৰ কৰা এন্টি-ভাইৰাছ ছফ্টৱেৰ ব্যৱহাৰকাৰীসকলক সতর্ক কৰিলে জার্মানীৰ চাইবাৰ নিৰাপত্তা সংস্থাই । জার্মান সংস্থাৰ তৰফৰ পৰা সতর্কতা জাৰি কৰি কোৱা হৈছে, কেছপাৰস্কি এন্টি-ভাইৰাছ ছফ্টৱেৰ ব্যৱহাৰ কৰিলে হেকিঙৰ শংকা বাঢ়ে ।

জার্মান সংস্থাটোৱে কৈছে ৰাছিয়া ভিত্তিক চাইবাৰ-নিৰাপত্তা সংস্থাটোক ৰাছিয়ান চৰকাৰী এজেন্টসকলে ব্যৱহাৰ কৰিব পাৰে । শংকা প্রকাশ কৰা হৈছে, বিদেশত আইটি ছিষ্টেম হেক কৰিবলৈ কেছপাৰস্কি ব্যৱহাৰ কৰিব পাৰে ৰাছিয়ান এজেন্টসকলে । ইয়াৰ উপৰি এজেন্টসকলে গোপনে ইয়ৰ প্রযুক্তি ব্যৱহাৰ কৰি চাইবাৰ আক্রমণো কৰিব পাৰে বুলি জনাইছে জার্মান সংস্থাই।

কেছপাৰস্কিয়ে এটা বিবৃতিত কৈছে যে তেওঁলোক ব্যক্তিগতভাৱে পৰিচালিত কোম্পানি । তেওঁলোকৰ স’তে ৰাছিয়ান চৰকাৰৰ কোনও সম্পর্ক নাই । সংস্থাৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে জার্মান সংস্থা বিএছআইৰ সতর্কবার্তা ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত আছিল । বিষয়টো স্পষ্ট কৰিবলৈ বিএছআই-ৰ স’তে যোগাযোগ কৰা হৈছে কেছপাৰস্কিৰ তৰফৰ পৰা ।

উল্লেখ্য, জার্মান সংস্থাৰ তৰফৰ পৰা কেছপাৰস্কিৰ বিৰুদ্ধে এনে সময়ত সতর্কতা জাৰি কৰা হৈছে যেতিয়া ৰাছিয়াই ইউক্রেইনৰ ৰাজধানীত অনবৰতে বোমা বর্ষণ কৰি আছে । ইপিনে জার্মানীয়ে ইউক্রেইন যুদ্ধ পৰিস্থিতিত ৰাছিয়াৰ বিৰুদ্ধে মাত মাতিছে । ইউক্রেইনৰ প্রতি সমর্থন জনাইছে জার্মানীয়ে ।

লগতে ৰাছিয়াৰ পৰা গেছ কিনাও বন্ধ কৰি দিছে । এনে পৰিস্থিতিত জার্মান সংস্থা আৰু চৰকাৰী কাৰ্যালয়বোৰক হেকিঙৰ পৰা সতর্ক থাকিবলৈ কৈছে বিএছআই-য়ে । ইপিনে কেছপাৰস্কি ছফ্টৱেৰ বিশ্বৰ অন্যতম জনপ্রিয় এন্টি-ভাইৰাছ ছফ্টৱেৰ । বহু কাৰ্যালয়ে এই এন্টি-ভাইৰাছ ছফ্টৱেৰটো ব্যৱহাৰ কৰা হয় ।

Exit mobile version