বিশ্বৰ আটাইতকৈ অসুখী দেশ আফগানিস্তান,’সুখী’ৰ তালিকাত কিমান নম্বৰত ভাৰত ?

India children 1

একেৰাহে পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক সূচকত ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে। আটাইতকৈ অসুখী দেশ হিচাপে স্থান দিয়া হৈছে আফগানিস্তানক। যোৱা বছৰৰ তালিকাত ভাৰত ১৩৯ তম স্থানত আছিল। এই বছৰ দেশখন ১৩৬ নম্বৰত আছে।

মানুহৰ নিজস্ব সুখ মূল্যাংকনৰ লগতে অৰ্থনৈতিক আৰু সামাজিক তথ্য সহ নানা বিষয়ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈয়ে ৱৰ্ল্ড হেপিনেছৰ প্ৰতিবেদন।

ই তিনি বছৰৰ ম্যাদৰ পৰা ডাটাৰ গড়ৰ ওপৰত আধাৰিত কৰি শূন্যৰ পৰা ১০ ৰ স্কেলত সুখৰ ৰেটিং নিৰ্ধাৰণ কৰে। আৰু ইয়াতেই সমৃদ্ধিৰ সৰ্বাধিক বৃদ্ধি নথিভুক্ত কৰিছে ছাৰ্বিয়া, বুলগেৰিয়া আৰু ৰোমানিয়াই।

অৰ্থনৈতিক অৱনতিৰ সন্মুখীন হৈ লেবানন ১৪৫ নম্বৰত আছে। তাৰ ঠিক ওপৰত আছে জিম্বাবোৱে (১৪৪)। ১৪৬ খন দেশৰ সূচীত আফগানিস্তান অন্তিম স্থানত আছে।

যুদ্ধবিধ্বস্ত আফগানিস্তান, যি সমানে তালিকাৰ তলত আছে । যোৱা আগষ্টত তালিবান ক্ষমতালৈ উভতি অহাৰ পাছত তেওঁলোকৰ মানৱীয় সংকট গভীৰ হৈ পৰিছে।

ইউনিচেফে অনুমান কৰিছে যে পাঁচ বছৰৰ তলৰ এক মিলিয়ন শিশুৱে চিকিৎসা নাপালে এই শীতকালত অনাহাৰত মৃত্যু হ’ব পাৰে।

অৱশ্যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ আগতে বিশ্ব সুখ প্ৰতিবেদন ২০২২ প্ৰস্তুত কৰা হৈছিল। সুখৰ ক্ষেত্ৰত উত্তৰ ইউৰোপীয়সকলে সদায় তালিকাৰ শীৰ্ষত আধিপত্য বিস্তাৰ কৰি আহিছে।

ডেনমাৰ্ক, ফিনলেণ্ড, আইচলেণ্ড, চুইজাৰলেণ্ড আৰু নেডাৰলেণ্ড হৈছে সুখী দেশ। সুখৰ ক্ষেত্ৰত, আমেৰিকা তিনিটা স্থান ৰ পৰা ১৬ তম স্থানলৈ আহিছে । তেওঁলোক ব্ৰিটেইনতকৈ এখোজ আগবাঢ়ি আছে।

ফ্ৰান্স ২০ নম্বৰত আছে। ছ’চিয়েল মিডিয়াৰ তথ্য ক’ভিডৰ আগত আৰু পাছত মানুহৰ আৱেগ তুলনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ১৮ খন দেশত উদ্বেগ আৰু শোক বৃদ্ধি পাইছে। কিন্তু খঙৰ অনুভূতি হ্ৰাস পাইছে।

বিশ্বৰ শীৰ্ষ ১০ খন সুখী দেশ

১. ফিনলেণ্ড
২. ডেনমাৰ্ক
৩. আইচলেণ্ড
৪. চুইজাৰলেণ্ড
৫. নেডাৰলেণ্ড
৬. লাক্সেমবাৰ্গ
৭. চুইডেন
৮. নৰৱে
৯. ইজৰাইল
১০. নিউজিলেণ্ড

Exit mobile version