তিনি লাখ কোটি টকাৰ জাপানী বিনিয়োগ লাভ ভাৰতৰ

জাপানৰ প্ৰধানমন্ত্ৰীৰে মোদীৰ বৈঠকত সিদ্ধান্ত : ভাৰতত ১৪৫৫টা জাপানী সংস্থাই ধন বিনিয়োগ

modi japan 1647315687872 1647315700215

দুই দেশৰ মাজত আৰ্থিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে নিজৰ নিৰাপত্তা আৰু কূটনৈতিক সহযোগিতাক আগুৱাই নিয়াৰ লক্ষ্যৰে কালি নতুন দিল্লীত চতুৰ্দশ বাৰ্ষিক বৈঠকত অংশ ল’লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিদাই । বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱা অনুসৰি কিশ্বিদাৰ স’তে অনুষ্ঠিত হোৱা এই বৈঠক সম্পূৰ্ণ সফল আছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কালি জানিবলৈ দি কয় যে আগন্তুক পাঁচ বছৰত ভাৰতত পাঁচ ত্ৰিলিয়ন ইয়েন অৰ্থাৎ তিনি লাখ ২০ হেজাৰ কোটি টাকাৰ বিনিয়োগ কৰিব । জাপানী বিনিয়োগৰ লগতে ছাইবাৰ নিৰাপত্তা, নগৰোন্নয়ন সংক্ৰান্ত তিনিখন চুক্তিতো স্বাক্ষৰ কৰিলে ভাৰত আৰু জাপানে । একেখন বৈঠকতে কাৰ্বন নিঃসৰণ হ্ৰাস কৰাৰ সন্দৰ্ভতো ভাৰত আৰু জাপানে আলোচনা কৰে ।

বৈঠকৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘ এতিয়াও সমগ্ৰ বিশ্বই ক’ভিডৰ স’তে যুঁজ দি আছে । তদুপৰি ভূকৌশলগত বিভিন্ন ঘটনাই আমাৰ সন্মুখত প্ৰত্যাহ্বান বৃদ্ধি কৰিছে । এই সংকটৰ সময়ত আমাৰ মাজত সহযোগিতা অধিক গভীৰ কৰা প্ৰয়োজন ।’

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবেও ভাৰত-জাপানে ঐক্যবদ্ধভাৱে কাম কৰিব বুলি মোদীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে শনিবাৰে ভাৰতত উপস্থিত হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীজন । প্ৰধানমন্ত্ৰী হিচাপে কিশ্বিদাৰ এইটোৱে হৈছে প্ৰথম ভাৰত ভ্ৰমণ । সম্প্ৰতি ভাৰতত ১৪৫৫টা জাপানী সংস্থাই ধন বিনিয়োগ কৰিছে ।

Exit mobile version