Russia-Ukraine Conflict : আলোচনা ব্যর্থ হ’লে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব, ৰাছয়াক সতর্ক কৰিলে জেলেনস্কিয়ে

thequint 2022 02 2585f00a 2787 4e0f 9d3e 5521716c69f3 22021 ap02 22 2022 000045b

আলোচনা সফল নহ’লে আন এটা বিশ্বযুদ্ধ হ’ব, দাবী কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । লগতে তেওঁ উল্লেখ কৰে যে, আলোচনাৰ মাধ্যমৰেই যুদ্ধ ৰোধ কৰা সম্ভৱ হ’ব ।

এক আন্তর্জাতিক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত ভল’দিমিৰে সম্প্রতি ইউক্রেইনত ৰাছিয়াৰ অনুপ্রৱেশ ৰোধ কৰাৰ সম্পৰ্কত নিজৰ মতামত জনাইছে । ভল’দিমিৰে জনাইছে, তেওঁ আলোচনাৰ মাধ্যমতেই ইউক্রেইনত ৰাছিয়াৰ অনুপ্রৱেশ বন্ধ কৰিব বিচাৰে । লগতে তেওঁলোকৰ মত, সেই আলোচনা যদি ব্যর্থ হয় তেনেহ’লে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰিবলৈ বাধ্য ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰে কয়, যুদ্ধ শেষ কৰাৰ স্বার্থত প্রয়োজনত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ স’তে মুখামুখি আলোচনা কৰাটো আপত্তি নাই তেওঁৰ । কিন্তু ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ এটা চর্ত আছে । ভল’দিমিৰে জনাইছে, ৰাছিয়াই যদি তেওঁলোকৰ মদতপুষ্ট ইউক্রেইনৰ দুই বিচ্ছিন্নতাবাদী অঞ্চলক ইউক্রেইনৰ চৰকাৰে স্বাধীন বুলি ঘোষণা কৰাটো বিচাৰে, তেন্তে সেই ইচ্ছা পূৰণ নহয় । ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে জনাইছে, তেও এই সংক্রান্ত কোনো বুজাপৰাতেই আহিব নিবিচাৰে ।

এই সাক্ষাৎকাৰতেই নাটো গোষ্ঠীক এটা বার্তাও দিছে ইউক্রেইন ৰাষ্ট্ৰপতিয়ে । তেওঁ কয়, ‘‘ইউক্রেইন যদি নাটো-ৰ সদস্য হ’ল হয় এই যুদ্ধ আৰম্ভ‌ই নহ’ল হয় । মোৰ অনুৰোধ নাটোৱে যদি আমাক সহায় কৰিব বিচাৰিছে, তেন্তে যেন অতি শীঘ্ৰে কৰে । কিয়নো, ইয়াত সদায় মানুহ মৰি আছে ।’’

Exit mobile version