ভাৰতৰ কাৰাগাৰত আছে ৩.৭০ লাখ বিচাৰাধীন কয়দী

10dd301e 40cc 11ec 854b 7d0b3305a408 1636400820615

দেশৰ বিভিন্ন কাৰাগাৰত সম্প্ৰতি বন্দী হৈ আছে ৩.৭০ লাখৰো অধিক বিচাৰাধীন কয়দী । কেৱল ঝাৰখণ্ডতে কাৰাগাৰত আছে ১৭ হেজাৰৰো অধিক বিচাৰাধীন কয়দী ।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰয় লোকসভাত এই তথ্য দাখিল কৰিলে । লোকসভাৰ সাংসদ সঞ্জয় শেঠে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি দেশত সম্প্ৰতি ৩,৭১,৮৪৮ জন বিচাৰাধীন কয়দী কাৰাগাৰত আছে ।

দেশৰ ভিতৰতে সৰ্বনিম্ন বিচাৰাধীন কয়দী আছে লাক্ষাদ্বীপত । লাক্ষাদ্বীপৰ কাৰাগাৰত সম্প্ৰতি মাত্ৰ দুজন বিচাৰাধীন কয়দী আছে । আনহাতে, বিহাৰৰ কাৰাগাৰত বৰ্তমানে বন্দী হৈ আছে ৪৪,১৮৭ জন বিচাৰাধীন কয়দী ।

Exit mobile version