Akhilesh Yadav : উত্তৰ প্রদেশ বিধানসভাৰ বিৰোধী দলনেতা হ’ব অখিলেশ, ঘোষণা সমাজবাদী পার্টিৰ

উত্তৰ প্রদেশ বিধানসভাৰ পৰৱর্তী দলনেতা হ’ব সমাজবাদী পার্টি (এছপি)-ৰ প্রধান তথা প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱ । শনিবাৰে তেওঁৰ দলৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে । সাম্প্রতিক কালত উত্তৰ প্রদেশ বিধানসভাত কোনো প্রাক্তন মুখ্যমন্ত্রীকে বিৰোধী দলনেতাৰ পদত দেখা নাযায় ।

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত মৈনপুৰী জিলাৰ কৰহল বিধানসভা কেন্দ্রৰ পৰা জয়ী হৈছে অখিলেশ । চলিত সপ্তাহতেই আজমগড়ৰ সাংসদ পদৰ পৰা তেওঁ পদত্যাগ দিছিল । অখিলেশে জনাইছে, ২০২৪ৰ লোকসভাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক ৰাজনীতিত অধিক সময় দিব বিচাৰিছে তেওঁ । সেয়ে বিধায়ক পদ ৰাখি সাংসদ পদৰ পৰা পদত্যাগ দিছে । অখিলেশৰ স’তে ৰামপুৰৰ সাংসদ পদৰ পৰা পদত্যাগ দিয়ে এছপি-ৰ আন এজন প্রাক্তন মন্ত্রী তথা সদ্যনির্বাচিত বিধায়ক আজম খানে ।

২০১৭ৰ তুলনাত এইবাৰ উত্তৰ প্রদেশ বিধানসভা নিৰ্বাচনত এছপিয়ে তেওঁলোকৰ ভোট ১০ শতাংশ বঢ়াইছে । আসনৰ সংখ্যা ৪৭ৰ পৰা ১১১লৈ বৃদ্ধি কৰা হৈছে । ইয়াৰ উপৰি এছপি-ৰ সহযোগী ৰাষ্ট্রীয় লোকদল আঠ আৰু সুহেলদেৱে ভাৰতীয় সমাজ পার্টিত ছয়টা আসনত জয়ী হৈছে । আনহাতে, বিজেপি-ৰ নেতৃত্বাধীন এনডিএ জোঁটৰ পক্ষত আছে ২৭৩টা বিধানসভা কেন্দ্র ।

Exit mobile version