আগ্ৰহ কমিলে অভিনয় এৰিব অক্ষয়ে

akshay kumar spotted main 1

বলিউদৰ সবাতােকৈ ব্যস্ত অভিনেতাজনেই হৈছে অক্ষয় কুমাৰ। প্রতি বছৰে তেওঁৰ তিনি-চাৰিখন ছবিয়ে মুক্তি লাভ কৰে। বলিউদৰ তিনি খানে এখন ছবি কৰিবলৈ যিমান সময় লয়, সেই খিনি সময়ত খিলাড়ী কুমাৰে কমেও পাঁচ-ছখন ছবিৰ চিত্রগ্রহণ সম্পূর্ণ কৰে।

অথচ তেওঁৰ শাৰীৰিক সুস্থতাও বহুতৰ বাবে ঈর্ষাৰ বিষয়। প্রায় তিনিটা দশক বলিউদত আছে যদিও যেন তেওঁৰ অকণাে ক্লান্তি নাই। কাৰণ কাম কৰিবলৈ তেওঁ বৰ ভাল পায়। সেই বাবেই কৰি গৈছে ইখনৰ পাছত সিখন ছবি।

সফল-অসফলৰ কথা তেওঁ চিন্তা নকৰে। কোনাে এখন ছবিয়ে যদি মুখথেকেচা খাইছে, ইয়াৰ পাছৰ খনতে তেওঁ পুনৰ দৰ্শকক আপ্লুত কৰিছে।অনর্গলভাৱে ছবিত কাম কৰি যােৱাৰ সন্দৰ্ভত বহুতেই দাবী কৰে যে আচলতে অক্ষয়ৰ অৰ্থৰ প্রতি অধিক লােভ।

সেইবাবেই তেওঁ আন অভিনেতাৰ তুলনাত বহু বেছি কাম কৰে। অৱশ্যে ছুপাৰষ্টাৰজনে সেই কথা অস্বীকাৰ কৰিছে। কামৰ সন্দৰ্ভত অক্ষয়ে কয়, ‘নিতৌ পুৱা সােনকালে উঠি কাম কৰিবলৈ মােৰ ভাল লাগে।দেওবাৰে ছুটি লওঁ।

একেৰাহে কাম কৰিলে হাতত অনেক কাম থকাটোৱেই স্বাভাৱিক। এই অতিমাৰীত আৰক্ষী, সংবাদ মাধ্যমৰ লােকসকলে কাম কৰি গৈছে। সকলােৱেই ধন উপার্জন কৰিবলগীয়া হয়।’ উল্লেখ্য যে অক্ষয় হৈছে সম্প্রতি দেশৰ সবাতােকৈ ধনী তাৰকাসকলৰ অন্যতম। তেওঁ কেৱল ধনৰ কাৰণেই কাম কৰে নেকি বুলিও প্রশ্ন উঠিছে।

এই সন্দৰ্ভত অক্ষয়ে কয়, “মােৰ ওচৰত সকলাে আছে। মই ভালদৰেই জীৱন- যাপন কৰাে। অথচ যিসকলে কাম কৰি ধন উপার্জন কৰিব খােজে, তেওঁলােকৰ কি হ’ব? মই ধনৰ কাৰণে কাম নকৰাে। ভালপাইহে কাম কৰাে। যিদিনা আৰু আগ্রহ নাথাকিব, সেইদিনাই কাম বন্ধ কৰি দিম। ‘

অৱশ্যে এই সময়ত যে অভিনয় ত্যাগৰ কোনাে সম্ভাৱনা নাই, সেয়া খিলাড়ী কুমাৰৰ কামৰ গতিয়েই প্রমাণ কৰে। এই মুহূর্তত কেবাখনাে ছবি তেওঁৰ পকেটত আছে। এই সপ্তাহতে মুক্তি পাব বচ্চন পাণ্ডে’ ছবিয়ে। ইয়াৰ উপৰি তেওঁক শীঘ্রেই দেখা যাব ৰাম সেতু’, ‘পৃথ্বীৰাজ’, ৰক্ষা বন্ধন’ আদি ছবিত।

Exit mobile version