গ্রীষ্মৰ সময়ত প্ৰায়ভাগ লােকেই জণ্ডিচৰ শংকাত ভােগে। কাৰণ এই সময়ত পানী বেছিকৈ বিভিন্ন কাৰণত দূষিত হয়। এই দূষণৰ কাৰণ যিয়েই নহওক কিয় সাধাৰণতে য’তে ত’তে তৃষ্ণা নিবাৰণৰ বাবে পানী খােৱাটোৱেই অন্যতম কাৰক বুলি ক’ব পাৰি।
পানীৰ বাবে হােৱা জণ্ডিচক ‘ৱাটাৰ ব’র্ণ জণ্ডিচ’ বুলি কয়। সাধাৰণতে পানীৰ বাবে হােৱা জণ্ডিচৰ ভিতৰত ‘হেপাটাইছি—‘এ’ আৰু ই’ অন্যতম। সততে এই ৰােগ হােৱাৰ কাৰণসমূহ ব্যাখ্যা কৰিব লাগে। এই ৰােগ হােৱাৰ প্রধান কাৰণ হ’ল দূষিত পানী।
তদুপৰি দূষিত পানীৰে খােৱা বাচন আদি পৰিষ্কাৰ কৰিলেও এনে হ’ব পাৰে। দূষিত পানীৰে ফলমূল ধুলেও এইবােৰ খালে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। দূষিত পানীত হেপাটাইটিছ—‘এ’ আৰু ‘ই’ ভাইৰাছ প্রচুৰ পৰিমাণে থাকে।
লক্ষণসমূহ
যেতিয়া এই দুবিধ ভাইৰাছে শৰীৰত প্ৰৱেশ কৰে তেতিয়া বিভিন্ন ধৰণৰ লক্ষণ ফুটি উঠে।
★আক্রান্ত লােকজনে ক্লান্ত অনুভৱ কৰে।
★শৰীৰৰ উত্তাপাে বৃদ্ধি হােৱাটো এক লক্ষণ।
★এনে হ’লে বমি হােৱা আৰু ওকালি ভাব হ’বলৈ ধৰে।
★আক্রান্তজনৰ তেজত বিলিরুবিনৰ পৰিমাণ বৃদ্ধি পায় বাবে প্ৰস্ৰাৱ হালধীয়া বৰণৰ হয়।
সোঁচৰা ৰােগ নহয়
জণ্ডিচ বহুতেই সোঁচৰা ৰােগ বুলি ভাবে। আক্রান্তই ব্যৱহাৰ কৰা কাপােৰ, খাদ্য আদি বহুতেই স্পর্শ কৰিব নােখােজে। এনে কৰিলে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে বুলি ভাবে। সেয়েহে এনে আক্রান্তজনৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে।
কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব
★আক্রান্তজনে গৰম কৰি ঠাণ্ডা হ’লেহে পানী খাব লাগে।
★শীতল পানীয়, আইচক্রীম আদি খাব নালাগে।
★মছলা জাতীয় খাদ্যৰ পৰা আঁতৰি থকাটোৱে মংগলজনক।