অৱশেষত স্বাক্ষৰ কৰা হ’ল অসম-মেঘালয়ৰ সীমা সমস্যাৰ বুজাবুজি চুক্তি

Assam Meghalaya Accord

কেবাখনো বৈঠকৰ অন্তত অৱশেষত ২৯ মাৰ্চ শনিবাৰে অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ লক্ষ্যৰে সসম্পাদন কৰা হ’ল চুক্তি।

চুক্তি স্বাক্ষৰ কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ, দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও দুই ৰাজ্যৰ প্ৰধান সচিব আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

দুই ৰাজ্য সীমা বিবাদ সমাধানৰ বাবে বিগত ৩১ জানুৱাৰীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত বিবেচনাৰ বাবে বুজাবুজিৰ চুক্তি পত্ৰ দাখিল কৰিছিল।

গৃহ মন্ত্ৰালয়ে ২৯ মাৰ্চত অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত সীমা চুক্তি চূড়ান্ত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল।

অৱশেষত শনিবাৰে দিল্লীত এই সীমা বিবাদ সমাধানৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিলে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

এই চুক্তি অনুসৰি সীমান্তৰ মুঠ ছয় টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা, ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত হৈছে। উল্লেখ্য যে এই দুই ছয়টা বিবাদিত স্থানত মুঠ ৩৬ খন গাওঁ আছে।

Exit mobile version