মানুহৰ খাবলৈ নাই, ভেনিটি ভানত উঠি প্ৰসাধন কৰিলে গৰু পিটন দিব !

বিধানসভাৰ নতুন সংযোজন, কমিছনৰ অংক বুলি কটাক্ষ অখিলৰ

Screenshot 332

অসম বিধানসভাত এইবাৰ সংযোজিত হ’ল ভেনিটি ভান । বিধায়কৰ চলাচলৰ সুবিধাৰ্থে চলিত বিধানসভা অধিবেশনত সংযোজন কৰা হয় কে’বাখনো গল্ফ কাৰ্ট । ইয়াৰ পাছতে কালি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুকলি কৰে এখন ভেনিটি ভান । এখন ছয়চকীয়া ট্ৰাকত সাজি লোৱা শীত-তাপ নিয়ন্ত্ৰিত ভানখনত আছে আৰামী বিচনা, আৰামী চকী, মেজ, পাকঘৰ আৰু অনাময়ৰ ব্যৱস্থা ।

দৈমাৰীয়ে কয়, ‘এতিয়াৰে পৰা এইখন চৰকাৰৰ সম্পত্তি হ’ল । ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী আদিকে ধৰি বিশিষ্ট অতিথিসকলৰ য’তেই চৰকাৰী সভা থাকিব তালৈকে এই বাহনখন নিব পাৰিব । ইয়াৰ ফলত সভাস্থলীত নতুনকৈ আৰু বিশিষ্ট অতিথিয়ে জিৰণি ল’ব পৰা ব্যৱস্থা নকৰিলেও হ’ব । এই বাহনখনৰ বাবে সভাস্থলীত অতিথিৰ বাবে পৃথককৈ জিৰণিৰ ব্যৱস্থা কৰিব নালাগে বাবে ব্যয়ৰ পৰিমাণো হ্ৰাস পাব ।’

পঞ্জাৱৰ পৰা অনা এই বাহনখন ভাৰতীয় সেনাৰ পৰা সংগ্ৰহ কৰাৰ লগতে সদ্যহতে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হ’ব বুলিও অধ্যক্ষ‌ই জনায় । এক সূত্ৰ‌ই দাবী কৰা মতে, ১২ লক্ষাধিক টকা ব্যয়ৰে এই বাহনখন সাজি উলিওৱা হৈছে । চৰকাৰী সম্পত্তি হোৱা বাবে বাহনখন ব্যৱহাৰৰ ভাড়াও চৰকাৰী অনুষ্ঠানত দিয়াৰ প্ৰয়োজন নাথাকিব ।

ভেনিটি ভানখনক লৈ কালি বিধানসভাত ব্যাপক চৰ্চা হয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ভানখনৰ নাম শুনিয়েই ধেৎতেৰি বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গগৈয়ে লগতে মন্তব্য কৰে যে কমিছনৰ অংকতহে বিধানসভালৈ বাহনখন অনা হৈছে ।

বিধানসভাত এনে বহু কাম হৈ আছে বুলিও গগৈয়ে অভিযোগ কৰে । গগৈয়ে লগতে কয়, ‘যিখন ৰাজ্যত মানুহে মূল্যবৃদ্ধিৰ প্ৰকোপত এসাজ খাবলৈ পোৱা নাই, অৰুণোদয় আঁচনিৰ ধন বঢ়াই দিবলগীয়া হৈছে, বিনামূলীয়া চাউল দি থাকিবলগীয়া হৈছে সেইখন ৰাজ্যত মন্ত্ৰী বিধায়কে প্ৰসাধন ভেনিটি বাহনত বহি প্ৰসাধন কৰিলে মানুহে গৰু পিটন দিব । অন্ততঃ ম‌ই তেনে মাৰ খোৱাত নাই ।’

Exit mobile version