Fourth wave of COVID-19 : সংক্রমণ বৃদ্ধি পাইছে ইউৰোপ-চীনত, সতর্ক থকাৰ পৰামর্শ মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্রীৰ

409848 01 02 1 1091547 1647349019

ইউৰোপ (Europe), চীন (China) আৰু অন্যান্য দেশত ক’ভিড-১৯ সংক্রমণ বৃদ্ধিৰ সময়তেই, মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী (Maharashtra Health Minister) ৰাজেশ টোপে (Rajesh Tope) বুধবাৰে কয় যে মানুহে সতর্ক হোৱা প্রয়োজন । তেওঁ কয় যে ক’ভিডৰ বিৰুদ্ধে মানুহে উপযুক্ত আচৰণ কৰা উচিত ।

তেওঁ কয়, ইউৰোপ, চীন আৰু অন্যান্য দেশত ক’ভিডৰ ঘটনা বাঢ়ি যোৱাত সকলোৱে সতর্ক থাকিব লাগিব । এই পর্যন্ত তৃতীয় ঢৌৰ প্রভাৱ দেখা গৈছে আৰু আমি মাস্ক প্ৰত্যাহাৰ কৰাৰ কথা ভাবা উচিত নহয় । তেওঁ আৰু কয় যে অৱস্থাৰ কোনো পৰিৱর্তন হ’লে, উপযুক্ত পৰিৱর্তন কৰিবেশ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেই ।

মন্ত্রীগৰকীয়ে জনাইছে যে ৰাজ্য চৰকাৰে গঠন কৰা টাস্কফ’ৰ্চৰ পৰামর্শসমূহ চৰকাৰে বিবেচনা কৰিব ।

তেওঁ কয় যে, টাস্কফ’ৰ্চ আৰু অন্যান্য সমস্ত প্রতিষ্ঠানে সমগ্ৰ বিশ্বৰ পৰিস্থিতি সম্পর্কে সচেতন আৰু তেওঁলোকে বর্তমান পৰিস্থিতি সম্পর্কে পৰামর্শ দিছে ।

ইয়াৰ মাজতেই গুড়ি পাড়ৱাৰ (Gudi Padwa) সমদল উলিওৱাৰ দাবী কৰিছে বিজেপিয়ে । এই বিষয়ত মন্ত্রীগৰাকীয়ে কয় যে টাস্ক ফ’ৰ্চৰ স’তে বিষয়টোৰ সম্পৰ্কত আলোচনা কৰাৰ পাছত মুখ্যমন্ত্রীয়ে সিদ্ধান্ত ল’ব ।

স্বাস্থ্যমন্ত্রীয়ে আৰু কয়, শিক্ষার্থীসকলৰ বাবে স্কুল খুলি দিয়া হৈছে আৰু সেয়ে শিশুক টিকা দিয়াৰ বিষয়ত অভিভাৱকসকলক সচেতন কৰা হৈছে ।

Exit mobile version