শীৰ্ষত উপনীত হৈছে আৰ্থিক সংকট । বিদ্যুৎ, ইন্ধন আৰু কাগজৰ অভাৱত ভুগিছে দ্বীপৰাষ্ট্ৰ শ্ৰী লংকা (Sri Lanka)। দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষৰ বিৰুদ্ধে বৃদ্ধি পাইছে ক্ষোভ ।
পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ শুক্ৰবাৰে নিশাৰ পৰা শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।
শুক্ৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিৰ বাসগৃহৰ বাহিৰত সমাবেত হয় হেজাৰ হেজাৰ জনতা ।দাবী আছিল (Sri Lankan President Gotabaya Rajaoaksa ) শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়াৰ পদত্যাগৰ ।
তাত আৰক্ষীৰ স’তে সংঘৰ্ষ হয় জনতা গাড়ী ভঙা আৰম্ভ হয় । জুইও জ্বলাই দিয়া হৈছিল। ইয়াৰ পাছতে গোটাবায়াই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজপাক্ষই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনাইছে যে এনে পৰিস্থিতিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো প্ৰয়োজনীয়। তেওঁ যুক্তি দিছিল যে দেশত চলি থকা অস্থিৰতা নিয়ন্ত্ৰণলৈ অনা, ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা, প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা আৰু সন্দেহযুক্তসকলক আটক কৰাৰ বাবে জৰুৰীকালীন অৱস্থাৰ প্ৰয়োজন। অৱশ্যে, সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত আছে।
দ্বীপৰাষ্ট্ৰখনে যোৱা সাত দশকত আটাইতকৈ ডাঙৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে। বিদ্যুতৰ অভাৱৰ বাবে, দেশত ব্লেক আউট চলি আছে। ইয়াত ৰন্ধন গেছৰ দৈনিক প্ৰয়োজনীয়তাও নাই। ক্ষুব্ধ নাগৰিকসকলক আগতে কলম্বোৰ মুখ্য পথ অৱৰোধ কৰা দেখা গৈছিল।
Sri Lanka President Gotabaya Rajapaksa issues a Gazette Extraordinary declaring a public Emergency in Sri Lanka with effect from April 1, 2022: Sri Lanka's DailyMirror
— ANI (@ANI) April 1, 2022
প্ৰতিবাদকাৰীসকলৰ মতে, ৰন্ধন গেছৰ অভাৱৰ বাবে তেওঁলোকে কেৰাচিন তেল সংগ্ৰহ কৰিবলৈ ওলাই গৈছিল, কিন্তু সেয়াও উপলব্ধ নহয়। লংকা চৰকাৰে উত্তেজিত জনতাৰ স’তে মোকাবিলা কৰিবলৈ অস্ত্ৰহীন সৈন্য মোতায়েন কৰিছে।
পেট্ৰ’ল পাম্পত পোৱা নাই পেট্ৰ’ল আৰু ডিজেল । ফলস্বৰূপে, মালিকসকলে শনিবাৰৰ পৰা ব্যক্তিগত ৰাজহুৱা পৰিবহন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ডিজেলৰ ক্ষেত্ৰতো একেই কথা।
ইয়াৰ মাজতে, ভাৰতৰ পৰা ৪০হেজাৰ টন ডিজেল শ্ৰীলংকাত উপস্থিত হৈছে। যিটোৱে পৰিস্থিতিটো অস্থায়ীভাৱে সমাধান কৰিব বুলি আশা কৰা হৈছে।