চিৰাং জিলাত গুলিয়াগুলি

আহত অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি

নিশা চিৰাং জিলাৰ দুটাকৈ স্থানত গুলিচালনাৰ ঘটনা । চিৰাং জিলাৰ খুংগ্ৰিঙত আৰক্ষীৰে গুলিয়াগুলিৰ ঘটনাত গুলিবিদ্ধ হৈ আহত হয় অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি । আৰক্ষীৰ লগত মুখামুখি সংঘৰ্ষ অস্ত্ৰধাৰী দলৰ ।

সংঘৰ্ষত আৰক্ষীৰ গুলিত নিহত হয় দুজনজৈ দুৰ্ধৰ্ষ প্ৰাক্তন উগ্ৰপন্থি । যোৱা ২৯ মাৰ্চ ভূটান সীমান্তৰ আমটেকাৰ যমুনাগুৰি আৰু ইন্দ্ৰপুৰত সংঘটিত ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড মহন্ত নাৰ্জাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল চিৰাং আৰক্ষী।

এই ঘটনা চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সোঁ হাতত দুটাকৈ গুলি লাগে অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ ।

আৰক্ষীৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত মহন্ত নাৰ্জাৰী আৰু তেওঁৰ এজন সতীৰ্থ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহন্ত নাৰ্জাৰী আৰু তেওঁৰ সতীৰ্থজনক । সতীৰ্থজন চিনাক্ত হোৱা নাই এতিয়ালৈ ।

প্ৰাক্তন এনএলএফবি সদস্য বুলি ধাৰণা কৰা হৈছে অস্ত্ৰধাৰী নিহত দুজনক ।

ইপিনে, ঢালিগাঁও থানাৰ অন্তৰ্গত কিশান বজাৰৰ সমীপৰ খামাৰপাৰাতো দুষ্কৃতিকাৰীৰ গুলিত প্ৰাণ গ’ল ৰাজা বড়ো (২০) নামৰ এজন যুৱকৰ ।

ৰাজা বড়োৰ ভিনিয়েক মনোৰঞ্জন নাৰ্জাৰীৰ ঘৰত প্ৰৱেশ কৰিছিল দুটাকৈ অস্ত্ৰধাৰী দুস্কৃতিকাৰী । পাছত ৰাজা বড়োই খবৰ পোৱাত লৰালৰিকৈ খবৰ ল’বলৈ যাওঁতে ৰাস্তাত গুলিয়াই হত্যা কৰে ৰাজাৰ । সমগ্ৰ চিৰাং জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে নিশাৰ ঘটনাৰ পাছতেই ।

Exit mobile version