এইবাৰ আৰ‌এছ‌এছৰ বিষয়ে আনুষ্ঠানিক অধ্যয়ন কৰিব চিপিএমে

বিজেপিক ৰোধিবলৈ বাওঁপন্থীৰ বৌদ্ধিক লক্ষ্য

image

দেশজুৰি বিজেপিৰ আগ্ৰাসী ৰাজনৈতিক গতিয়ে ইয়াৰ আঁৰৰ পৰিচালক শক্তি আৰ‌এছ‌এছৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য কৰিছে বাওঁ শিবিৰক । আৰ‌এছ‌এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ৰ নেতৃত্বত সংঘ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে এতিয়া আনুষ্ঠানিকভাৱে অধ্যয়ন কৰিবলৈ সাজু হৈছে চিপিআই (এম) । বিজেপিক প্ৰতিৰোধৰ বাবে বৌদ্ধিক যুঁজৰ এক ব্যতিক্ৰমী চিন্তাধাৰাৰ উন্মেষ ঘটাইছে চিপিএমে ।

উল্লেখ্য যে দলীয় সদস্যক সংগঠনৰ মতাদৰ্শ অথবা ৰীতি-নীতি শিকোৱাৰ বাবে ‌কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ চৰ্চা দলীয় শ্ৰেণীকোঠাৰ পাঠদানত সৰ্বদা অব্যাহত থাকে । পৰিৱৰ্তিত পৰিস্থিতিত বাৰম্বাৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা চিপিএমে এতিয়া দলীয় শ্ৰেণীকোঠাত সংঘ পৰিয়ালক লৈ পঢ়া-শুনা কৰিব বিচাৰিছে ।

পশ্চিমবংগ বা ত্ৰিপুৰাৰ দৰে ৰাজ্যত সাম্প্ৰতিক কালত বাঁও শিবিৰৰ ভোট এতিয়া গেৰুৱা শিবিৰলৈ গ’লেও কমিউনিষ্ট দল এতিয়া আৰ‌এছ‌এছৰ আদৰ্শৰ প্ৰতি যে আগ্ৰহী হৈছে কথাটো তেনেকুৱা নহয় । চিপিএমে যুক্তি দৰ্শাইছে যে তেওঁলোক আৰ‌এছ‌এছৰ আদৰ্শৰ প্ৰতি অনুৰক্ত হোৱা নাই । অৱশ্যে সমগ্ৰ দেশত এতিয়া একপ্ৰকাৰ অপৰাজেয় তথা প্ৰবল প্ৰতাপী হৈ উঠা বিজেপিক পৰাস্ত কৰিবলৈ হ’লে এই দলৰ চালিকাশক্তি আৰ‌এছ‌এছৰ স’তে মোকাবিলা কৰিব‌ই লাগিব বুলি দলে প্ৰকাশ কৰিছে ।

চিপিএমে কয় যে আৰ‌এছ‌এছৰ স’তে মোকাবিলা কৰিব‌লৈ হ’লে প্ৰথমতে সংগঠনটোৱে কিদৰে অহৰহ নিজস্ব প্ৰস্তাৱ বিস্তাৰ কৰিবলৈ ধৰিছে সেই কথা পূৰ্বতে জানিব আৰু বুজিব লাগিব । সেয়ে চিপিএমৰ ২৩ সংখ্যক দলীয় কংগ্ৰেছত দাখিলৰ বাবে প্ৰস্তুত কৰা সাংগঠনিক খচৰা প্ৰতিবেদনত দলীয় পাঠদানত (পাৰ্টি ক্লাছ) সংঘ সংক্ৰান্তীয় শিক্ষাত গুৰুত্ব দি পাঠদান আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিজেপিৰ স’তে মোকাবিলা কৰিব‌লৈ সংসদত বিৰোধী শক্তিৰ ঐক্য বা বাহিৰত নিৰ্বাচনী বুজাবুজিয়ে যথেষ্ট নহয় । এই কথাও চিপিএমৰ সাংগঠনিক প্ৰতিবেদনত কোৱা হৈছে ।

এই প্ৰতিবেদনত কোৱা হৈছে যে আৰ‌এছ‌এছে সমাজৰ সৰ্বস্তৰত বিয়পি গৈ নিজস্ব শক্তিশালী প্ৰভাৱ সৃষ্টি কৰিছে তথা মানুহৰ মগজুত ই স্থান লৈছে আৰু ইয়াৰে ৰাজনৈতিক মুনাফা লুটিছে বিজেপিয়ে । সেয়ে সামাজিক আৰু আদৰ্শগতভাৱে আৰ‌এছ‌এছৰ মোকাবিলাৰ পাঠ ল’ব লাগিব । ইয়াৰ বাবে উপযুক্ত স্থান হ’ব পাৰে দলীয় শ্ৰেণীকক্ষ । চিপিএমৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰকাশ কাৰাটে দলীয় আভ্যন্তৰীণ মহলত কয় যে আৰ‌এছ‌এছক কোনো মতেই সাধাৰণভাৱে ল’ব নালাগে ।

এইবাৰ চিপিএমৰ পলিটব্যুৰ’ৰ পৰা তেওঁৰ দ্বাৰাই প্ৰস্তুত কৰা সাংগঠনিক প্ৰতিবেদনত সংঘৰ স’তে মোকাবিলাৰ এই বাৰ্তা দলীয় কংগ্ৰেছতো আলোচনা হ’ব । দলৰ সূত্ৰত প্ৰকাশ যে সাংগঠনিক দায়িত্ব সঠিকভাৱে পালন কৰাত ব্যৰ্থ হোৱা পলিটব্যুৰ’ক ৰেহাই দিয়া হোৱা নাই এই প্ৰতিবেদনত । কেন্দ্ৰীয় কমিটীৰ নতুন সংশোধনমূলক দলিল প্ৰস্তুতৰ প্ৰয়োজনীয়তাৰ কথাও কোৱা হৈছে ।

সাংগঠনিক প্ৰতিবেদনৰ তথ্য অনুসৰি সমগ্ৰ দেশতে চিপিএমৰ সদস্যৰ সংখ্যা ন লাখ ৮৫ হেজাৰ ৭৫৭ জন । ইয়াৰ ভিতৰত কেৰালাত আছে পাঁচ লাখ ২৭ হেজাৰ ১৭৪ জন । পশ্চিমবংগৰ সদস্য সংখ্যা হ’ব এক লাখ ৬০ হেজাৰ ৮২৭ জন । তৰুণ প্ৰজন্মক দলৰ সদস্য হিচাপে আকৰ্ষিত কৰাৰ ব্যৰ্থতাক লৈ চিপিএম উদ্বিগ্ন হৈ থকাৰ ক্ষেত্ৰতো কেৰালাৰ ছবিখন তুলনামূলকভাৱে উন্নত । ক’বলৈ গ’লে দেশৰ ভিতৰতে কেৰালাত চিপিএমত তৰুণ প্ৰজন্মৰ উল্লেখযোগ্য অন্তৰ্ভুক্তি হৈছে ।

দক্ষিণৰ এই ৰাজ্যখনত বিগত বৰ্ষৰ দলীয় সন্মিলনৰ পাছত ৩১ বছৰ বয়স পৰ্যন্ত সদস্য অন্তৰ্ভুক্তি বৃদ্ধি পাইছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ সদস্য‌ই কয় যে কেৰালাত দল ক্ষমতাত থকাৰ বাবে স্বাভাৱিকতে কিছু সুবিধা হৈছে । মন কৰিবলগীয়া যে দেশজুৰি বিজেপিৰ অগ্ৰগতিৰ মাজতো কেৰালাত বিধানসভা নিৰ্বাচনত দলে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই । কেন্দ্ৰীয় সমিতিৰ সদস্যজনে কয় যে কেৰালাৰ মানুহৰ লগতে এই কৃতিত্ব দলৰো বহু পৰিমাণে প্ৰাপ্য ।

কেৰালাৰ কন্নুড়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পীনাৰী বিজয়নে কালি এই দলীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰে ।

Exit mobile version