Covid in Delhi :দিল্লিত বৃদ্ধি পাইছে কৰ’না সংক্রমণ, ৰাজধানীত পুনৰ মাস্ক বাধ্যতামূলক কৰাৰ সম্ভাৱনা

2022 1largeimg 1111520664

ৰাজধানীত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে । এটা সময়ত, মাস্ক পৰিধান নকৰিলে ৫০০ টকাৰ জৰিমনা বিহা হৈছিল।

 

সংক্ৰমণ হ্ৰাস হোৱাৰ ফলত সেই জৰিমনাও বন্ধ কৰা হৈছিল। প্ৰশাসনে ইয়াক পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে ।

 

প্ৰসংগত, প্ৰশাসনে এক এপ্ৰিলৰ পৰা দিল্লীত মাস্ক পিন্ধাৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰিছিল। কেৱল ডাঙৰ সমাৱেশৰ ক্ষেত্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছিল।

 

কিন্তু সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে, প্ৰশাসনে মাস্ক পিন্ধা পুনৰ বাধ্যতামূলক কৰাৰ কথা ভাবি আছে। প্ৰশাসনে অহা সপ্তাহত বিষয়টোৰ ওপৰত এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

 

দিল্লীৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই জনাই যে সেই বৈঠকত সিদ্ধান্ত লোৱা হ’ব পাৰে। “দিল্লীৰ বেছিভাগ বাসিন্দাই দুটা ভেকছিন পালেও, নিজৰ আৰু আনৰ সুৰক্ষাৰ বাবে মাস্ক পিন্ধাটো গুৰুত্বপূৰ্ণ। ”

 

যোৱা সপ্তাহত, দিল্লীৰ বাহিৰে, তেলেংগানাৰ মহাৰাষ্ট্ৰত মাস্ক পিন্ধাৰ নিয়ম শিথিল কৰা হৈছিল। জৰিমনাও পৰিমাণো হ্ৰাস কৰা হৈছিল। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, বুধবাৰে ৰাজধানীত ২৯৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে, ই ৩২৫ লৈ বৃদ্ধি হয়।

 

সূত্ৰ অনুসৰি, দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলে ২০ এপ্ৰিলত বিষয়টো সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিব। তথ্য অনুসৰি সেই বৈঠকত মাস্ক আৰু ক’ভিড নিয়মৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

 

শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবাল আৰু স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে এক যুটীয়া বিবৃতি জাৰি কৰি কয় যে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা বৃদ্ধি হোৱা নাই। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই।

Exit mobile version