Netflix : পাঁচটা কাৰণ : এশ দিনত কিয় দুই লাখ গ্রাহক হেৰুৱালে নেটফ্লিক্সে !

gsmarena 001

হুৰাহুৰে কমিল নেটফ্লিক্সৰ শ্বেয়াৰ দৰ । চলিত বিত্তবর্ষৰ প্রথম ত্রৈমাসিকতেই এই অ’টিটি প্লেটফর্মৰ শ্বেয়াৰৰ দাম ২৫ শতাংশ কমি ২৬২ ডলাৰ হৈছে । যি ভাৰতীয় মুদ্রাত ২০ হেজাৰ টকাৰ কিছু অধিক । কিয় এই অৱনতি ? তাৰ কাৰণ ব্যাখ্যা কৰিছে সংস্থাটোৱে । লগতে এই কথাও জনাইছে যে, বিগত এক দশকত এয়ে প্রথমবাৰ এনে হ’ল ।

কি কাৰণত ছবি আৰু টেলিভিছন ধাৰাবাহিক আৰু অ’টিটি ছিৰিজ চোৱা এই প্লেটফর্ম এনে ক্ষতিৰ সন্মুখীন হৈছে, জানি ল‌ওক তাৰ কাৰণ ।

কৰ’না : ২০২০ত কৰ’না সংক্রমণ আৰম্ভ হোৱাৰ পাছত নেটফ্লিক্স ব্যৱহাৰকাৰীৰ সংখ্যা বহু গুণে বাঢ়িছিল । অৱশ্যে তাতে আশা জাগিলেও পাছত ২০২১ত কৰ’না সংক্রমণ নকমাত দেখা যায় যে আশানুৰূপ সংখ্যাত ব্যৱহাৰকাৰী অহা নাই নেটফ্লিক্সত ।

ব্যৱহাৰকাৰী : বছৰৰ প্রথম ত্রৈমাসিকত অর্থাৎ এশ দিনৰো কম সময়ত নেটফ্লিক্স ব্যৱহাৰকাৰীৰ সংখ্যা বহু পৰিমাণে কমিছে । প্রথম ত্রৈমাসিকত নেটফ্লিক্সৰ গ্রাহকৰ সংখ্যা আছিল ২২ কোটি ১৬ লাখ । যি বিগত বিত্তবর্ষৰ প্রথম ত্রৈমাসিকতকৈ বেচ কম ।

যুদ্ধ : নেটফ্লিক্সৰ দাবী, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ‌ই‌ তেওঁলোকৰ ব্যৱসায়ত প্রভাৱ পেলাইছে । ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণৰ প্রতিবাদত নেটফ্লিক্সে তেওঁলোকৰ সম্প্রচাৰ বন্ধ কৰিছে ৰাছিয়াত । সম্প্ৰতি নেটফ্লিক্সে জনাইছে, সেই সিদ্ধান্তত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে সংস্থাটোৱে ।

ইন্টাৰনেট : কেৱল যুদ্ধ‌ই নহয়, বহু ক্ষেত্রতেই ইন্টাৰনেট সমস্যা এটা বৃহৎ কাৰণ হৈছে নেটফ্লিক্সৰ । গ্রাহকৰ সংখ্যা কমি যোৱাৰ এইটোও এটা কাৰণ বলি অনুমান কৰিছে তেওঁলোকে । এতিয়া ইন্টাৰনেটৰ সহায়ত টিভিত নেটফ্লিক্স চাব পাৰি । কিন্তু স্মার্ট টিভি আৰু যথাযথ ইন্টাৰনেট সংযোগৰ অভাৱত ব্যৱহাৰকাৰীসকলক সেৱা দিব পৰা নাই বুলি নেটফ্লিক্সৰ দাবী ।

একাউন্ট ভাগ কৰি লোৱা : নেটফ্লিক্স ব্যৱহাৰকাৰীসকলে নিজৰ মাজত একাউন্ট ভাগ কৰি লয় । নেটফ্লিক্সৰ তৰফৰ পৰাই এই সুবিধা দিয়া হয় । কিন্তু নেটফ্লিক্সে জনাইছে এই সুবিধাই গ্রাহকৰ সংখ্যা বিশেষ হাৰত বঢ়োৱা নাই বিগত এবছৰত ।

Exit mobile version