অন্ধ প্ৰদেশত ৬০ মিটাৰ দীঘল শাড়ীত ১৩ টা ভাষাত ৩২,২০০ বাৰ লিখিলে জয় শ্ৰীৰাম শ্ল’গান

SAREE 626268a19b503

এখন শাড়ীত ৩২,২০০ বাৰ জয় শ্ৰীৰাম শ্ল’গান লিখি এক অভিলেখ সৃষ্টি কৰিলে এজন বস্ত্র বােৱনীয়ে । অন্ধ্র প্রদেশৰ ধর্মাবৰম নিবাসী এক বস্ত্র প্রস্তুতকাৰক শিল্পীয়ে এখন শাড়ীত ১৩টা ভাৰতীয় ভাষাত ৩২,২০০ বাৰ জয় শ্ৰীৰাম গান লিখিলে বস্তু শিল্পীজনে ইয়াৰ বাবে ব্যৱহাৰ কৰিলে এখন ৬০ মিটাৰ দৈৰ্ঘৰ শাড়ী।

অভিলেখ ৰচিবলৈকে ব্যক্তিজনে এইদৰে ৬০ মিটাৰ দৈর্ঘৰ শাড়ীত জয় শ্ৰীৰাম গান লিখিলে। এইদৰে শাড়ীত জয় শ্ৰীৰাম শ্ল’গান লিখি ব্যক্তিজনে ভগৱান ৰামৰ প্রতি নিজৰ শ্রদ্ধা নিবেদন কৰিলে।

সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ৰেচমৰ বস্ত্ৰত এইদৰে ৩২,২০০ বাৰকৈ জয় শ্ৰীৰামৰ শ্ল’গান লিখা হৈছিল ।ইয়াৰ বাবে বস্ত্ৰ শিল্পীজনে ৬০ মিটাৰ দীঘল আৰু ৪৪ ইঞ্চি বহল ৰেচমৰ বস্তু ব্যৱহাৰ কৰিছিল। বস্ত্রখনত মুঠ ১৩টা ভাৰতীয় ভাষাত ৩২,২০০ বাৰকৈ জয় শ্রীৰাম বুলি লিখি শালত বােৱা হৈছে। এইদৰে শাড়ীত ভগৱান শ্ৰীৰামৰ নাম লিখা বস্ত্র শিল্পীগৰাকীৰ নাম হৈছে জুজাৰ নাগৰাজু।

অন্ধ্র প্রদেশৰ সাই জিলাৰ ধর্মাবৰমৰ বাসিন্দা হৈছে জুজাৰু। জুজাৰু এজন বস্ত্রশিল্পী হিচাপে অঞ্চলটোত পৰিচিত। ৪০ বছৰীয়া জুজাৰুয়ে শৈশৱৰ পৰাই বয়ন শিল্পৰ স’তে জড়িত হৈ আহিছে। বয়ন কর্মৰ প্ৰতি তেওঁৰ বিশেষ আগ্রহ আছে।

জুজাৰুৱে বৈ উলিওৱা বস্ত্ৰখনৰ নাম ৰাখিছে ‘ ৰাম ক’টি বস্ত্রম।’ সুন্দৰ শাড়ীখনত কেৱল বিভিন্ন ভাষাত ৰামৰ নাম লিখাই নহয়, ৰামায়ণৰ সুন্দৰাকাণ্ডৰ লগতে ভগৱান ৰামৰ ১৬৮ খন পৃথক চিত্রও বৈ উলিওৱা হৈছে।জুজাৰুৱে জনােৱা অনুসৰি, এইদৰে এখন ৬০ মিটাৰ দৈর্ঘৰ বস্ত্র প্রস্তুত কৰাটো তেওঁৰ বাবে সহজ নাছিল।

শাড়ীখন বােৱাৰ বাবে তেওঁক দীর্ঘদিনৰ প্রয়ােজন হৈছিল। ১৬ কিলােগ্রাম ওজনৰ শাড়ীখন বৈ উলিয়াবলৈ তেওঁক চাৰিমাহ সময়ৰ প্রয়ােজন হৈছিল। চাৰিমাহ ধৰি জুজাৰুৱে পৰিশ্ৰম কৰাৰ লগতে শাড়ীখন সম্পূর্ণ কৰাৰ বাবে ব্যয় কৰিব লগা হৈছিল যথেষ্ট ধন।

জুজাৰুৰ লগতে আন দুজন লােকে শাড়ীখন তৈয়াৰ কৰাত ভাগ লৈছিল। শাড়ীখন প্রস্তুত কৰিবলৈ জুজাৰুয়ে তেওঁৰ সঞ্চিত ডেৰ লাখ টকা ব্যয় কৰিব লগা হৈছিল। এই শাড়ীখন জুজায়ে এতিয়া অযােধ্যা মালয়মক উপহাৰ দিব বিচাৰে।

অযােধ্যাৰ ৰামমন্দিৰত ৰামনামী শাড়ীখন সংৰক্ষণ কৰা হ’ব যাতে সকলােৱে শাড়ীখন দর্শন কৰিব পাৰে।

Exit mobile version