এইবাৰ বিশ্ববিদ্যালয়ত পৃথক দিনত ছাত্ৰ-ছাত্ৰীক পাঠদান নিৰ্দেশ তালিবানৰ

140262

আফগানিস্তানত ক্ষমতা দখল কৰাৰ পাছৰে পৰা তালিবানে (Taliban) বিতর্কিত নির্দেশনা জাৰি কৰি আহিছে। শেহতীয়াভাৱে তালিবান চৰকাৰে কাবুল বিশ্ববিদ্যালয় আৰু কাবুল পলিটেকনিক বিশ্ববিদ্যালয়ত (Kabul Polytechnic University) ছাত্ৰ আৰু ছাত্ৰীক পৃথক দিনত শিক্ষাদান কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিলে।

শিক্ষা মন্ত্রণালয়ৰ নির্দেশনা অনুসৰি এতিয়াৰে পৰা সপ্তাহৰ তিনিদিন ছাত্রীয়ে আৰু আন তিনিদিন ছাত্রই বিশ্ববিদ্যালয়লৈ পাঠগ্রহণৰ বাবে যাব পাৰিব। বিশ্ববিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীক একেলগে শিক্ষকে পাঠদান কৰিব নােৱাৰিব।

তালিবান চৰকাৰৰ এই নতুন নির্দেশনাত শিক্ষার্থীৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলেও অসন্তুষ্টি প্ৰকাশ কৰিছে।

Exit mobile version