India-US Relation : ‘প্রয়োজনৰ বাহিৰত গৈ’ ৰাছিয়াৰ স’তে সম্পর্ক স্থাপন কৰিছে ভাৰতে, মন্তব্য ব্লিংকেনৰ

1651123266 antony blinken

আমেৰিকাই মুখ ঘূৰাই লোৱাৰ বাবেই ৰাছিয়াৰ স’তে ‘নতুন সম্পর্ক’ স্থাপন কৰিছে ভাৰতে । এই মন্তব্য কৰিলে আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনে । ৰাছিয়াৰ স’তে ভাৰতে ‘প্রয়োজনেৰ বাহিৰত গৈ’ সম্পর্ক স্থাপন কৰিছে বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে আমেৰিকা আৰু ভাৰতৰ মাজত কৌশলগত অভিন্নতা আছে বুলিও দাবী ব্লিংকেনৰ ।

ব্লিংকেনে কয়, ‘‘ভাৰতৰ স’তে কোনো দেশৰ সম্পর্ক স্থাপন হ’লে, সেয়া কে’বা দশক ধৰি চলে । আমেৰিকাই, ভাৰতৰ স’তে নতুন সম্পর্ক স্থাপন কৰাৰ স্থান নাই । সেয়ে ৰাছিয়াৰ স’তে সম্পর্ক স্থাপন কৰিছে ভাৰতে । কিন্তু আমেৰিকাই পুনৰ ভাৰতৰ স’তে নতুন সম্পর্ক স্থাপন কৰাৰ প্রয়াস কৰিছে ।’’

ব্লিংকনে আৰু কয়, ‘‘আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ভাৰতৰ নেতৃত্বৰ স’তে প্ৰত্যক্ষভাৱে জড়িত থকাৰ চেষ্টাত বহু সময় অতিবাহিত কৰিছে ।’’ সেয়ে ভাৰতৰ স’তে দীর্ঘম্যাদী সম্পর্ক স্থাপন কৰিবৰ বাবে আমেৰিকাই পুনৰ চেষ্টা কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

কিন্তু ভাৰতে এই বিষয়ত কি ভাবিছে ? বৈদেশিক মন্ত্রী এছ জয়শংকৰে বুধবাৰ জনায়, ভাৰতে এতিয়াৰ পৰা নিজৰ স্বার্থই চাব । বিশ্বক আৰু তুষ্ট কৰাৰ চেষ্টা নকৰে । ভাৰতক কোনো দেশৰ অনুমোদনৰ প্রয়োজন নাই বুলিও তেওঁ মন্তব্য কৰে । ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত ৰাছিয়াৰ স’তে সখ্য বজায় নৰখাৰ বাবে ভাৰতক ‘বার্তা’ দিছে আমেৰিকাই ।

বিগত সপ্তাহত নতুন দিল্লী-মস্কো সামৰিক সহযোগিতাক লৈ ক্ষোভ প্রকাশ কৰি পেন্টাগনৰ মুখপাত্র জন কিৰবিয়ে কৈছিল, ‘‘ভাৰতৰ লগতে অন্য দেশসমূহক মোৰ বার্তা— আমি প্রতিৰক্ষাৰ ক্ষেত্রত তেওঁলোকৰ ৰাছিয়া-নির্ভৰতা নিবিচাৰো । আমি এই বিষয়ত স্পষ্ট ভাষাত তেওঁলোকক নিৰোৎসাহিত কৰিছো ।’’ তাৰেই উত্তৰত এই কথা জনায় জয়শংকৰে । ইয়াৰ পাছতেই আহিল ব্লিংকনৰ ‘বার্তা’ । যি বার্তাত এফালে আছে ৰুছ-ঘনিষ্ঠতাক লৈ প্রকাশ্যত ক্ষোভ প্ৰকাশ, আনফালে আকৌ ভৱিষ্যতে ভাৰতৰ স’তে সুসম্পর্ক গঢ়াৰ প্রতিশ্রুতিও ।

Exit mobile version