অতিমাৰী নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ প্ৰতিখন দেশে এটাৰ পাছত আন এটা উপায় অৱলম্বন কৰিছে। অৱশ্যে সংক্রমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰতিখন দেশে তলাবন্ধত বিশেষ আস্থা প্ৰকাশ কৰিছে।
কিন্তু গৱেষণাৰ তথ্য অনুসৰি ক’ভিড প্ৰতিৰোধৰ বাবে হোৱা কঠোৰ তলাবন্ধত ক্ষতিগ্ৰস্ত হৈছে মানুহৰ মানসিক স্বাস্থ্য। যিমানে কঠোৰ তলাবন্ধ হৈছে, সিমানে মানসিক অসুস্থতাও গভীৰ হৈছে।
এই অসুস্থতা মানৱ শৰীৰৰ বাবে কৰ’না ভাইৰাছতকৈও অধিক ভয়ংকৰ। ‘লেনচেট’ৰ গৱেষণামূলক অধ্যয়নত এইদৰে উল্লেখ কৰা হৈছে।
এই অধ্যয়নত প্ৰকাশ পোৱা মতে, সকলো বয়সৰ পুৰুষ-মহিলাই তলাবন্ধত কম-বেছি পৰিমাণে মানসিক সমস্যাত আক্ৰান্ত হৈছিল।
বিশেষকৈ যিসকল মহিলাই নাবালক সন্তানসহ তলাবন্ধত গৃহবন্দী হৈ আছিল,তেওঁলোকে কৰ’না কালত সৰ্বাধিক মানসিক অশান্তিত ভুগিছিল বুলি এই গৱেষণাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
যিসমূহ দেশে তলাবন্ধৰ জৰিয়তে সংক্রমণ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল, সেই সমূহ দেশত কৰ’না কালত মৃত্যু আৰু মানসিক অসুস্থতা অধিক হৈছিল।
ইয়াৰ বিপৰীতে যিসমূহ দেশে তৎপৰতাৰে কৰ’না ভাইৰাছক নির্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, তেনে দেশত তলাবন্ধ সীমিত হোৱাৰ ফলত নাগৰিকসকলৰ মানসিক স্বাস্থ্যত বিশেষ প্ৰভাৱ পৰা নাছিল বুলি ‘লেনচেট’ৰ প্রতিবেদনত প্রকাশ ।