আমেৰিকাৰ এগৰাকী মহিলাই তেওঁৰ এটা ঘৰ বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিছে। ঘৰ বিক্ৰী কৰাটো এক তেনেই সাধাৰণ ঘটনা। কিন্তু এই মহিলাই বাসগৃহৰ লগতে তেওঁৰ প্ৰাক্তন স্বামীকে বিক্ৰী কৰিব বিচাৰিছে।
বিজ্ঞাপনত মহিলাই উল্লেখ কৰা অনুসৰি, যি ব্যক্তিয়ে তেওঁৰ ঘৰটো ক্ৰয় কৰিব বিচাৰে তেওঁ ঘৰৰ লগতে মহিলাৰ প্ৰাক্তন স্বামীকো ক্ৰয় কৰিব লাগিব।
প্রাক্তন স্বামীয়ে ঘৰৰ নতুন গৰাকীৰ ঘৰতে থাকিব আৰু তেওঁ ঘৰ পৰিষ্কাৰ কৰি ৰখাৰ লগতে ঘৰৰ গৰাকীৰ বাবে নিতৌ খাদ্য তৈয়াৰ কৰি দিব।
‘ডেইলী ষ্টাৰ’ৰ বাতৰি অনুসৰি, নিজৰ ঘৰ বিক্ৰী কৰিব বিচৰা মহিলাৰ নাম ক্রিষ্টেল বল আৰু তেওঁ ঘৰৰ লগতে প্ৰাক্তন স্বামী ৰিচাৰ্ডকো বিক্ৰী কৰিব।
সাত বছৰ পূর্বে ৰিচাৰ্ডৰ স’তে ক্রিষ্টেলৰ বিবাহ বিচ্ছেদ হৈছিল যদিও বর্তমানেও কিছু সম্পত্তি দুয়ােৰে নামত আছে। ক্রিষ্টেলে বিক্ৰী কৰিব বিচৰা ঘৰটোৰ মালিকানা তেওঁৰ লগতে স্বামীৰৰ হােৱাত তেওঁ ঘৰৰ লগতে স্বামীক বিক্ৰীৰ সিদ্ধান্ত লয়।
ক্রিষ্টেলে কয় যে ৰিচাৰ্ড গৃহহীন হােৱাটো তেওঁ নিবিচাৰে। অৱশ্যে একাংশ লােকে ঘৰৰ স’তে প্রাক্তন স্বামীক বিক্ৰী কৰাৰ বিৰােধিতা কৰি ইয়াক আইন বিৰােধী আখ্যা দিছে। তথাপিও ক্রিষ্টেলৰ আশা কোনাে ব্যক্তিয়ে ৰিচাৰ্ডৰ স’তে উক্ত ঘৰ ক্ৰয়ৰ বাবে আগবাঢ়ি আহিব।