ISI Malware : ফেচবুকৰ মাধ্যমত সেনাসকলৰ ফোনত ‘ভাইৰাছ’ সোমোৱাৰ চেষ্টা পাক গুপ্তচৰ সংস্থা আইএছ‌আই-ৰ, তদন্তত এন‌আইএ

FILES GERMANY RUSSIA UKRAINE CONFLICT ESPIONAGE INTERNET 0 1651984881334 1651984898582

অভিনৱ পদ্ধতিৰে ভাৰতৰ সামৰিক তথ্য লোৱাৰ চেষ্টা কৰিছিল পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই-য়ে । তথ্য অনুসৰি, ফেচবুকত ভুৱা একাউন্ট খুলি তাৰ পৰা ভাৰতীয় সামৰিক বিষয়াসকলৰ ফোন হেক কৰিবৰ বাবে মালৱেৰ সোমাই দিয়াৰ চেষ্টা কৰিছিল আইএছআই-য়ে । সেনা বিষয়াসকলৰ ফোন, প্রতিৰক্ষা মন্ত্রণালয়ৰ কম্পিউটাৰত এই ভাইৰাছ সোমোৱাৰ পৰিকল্পনা কৰিছিল আইএছআই-য়ে । এই ঘটনাত এইবাৰ তদন্ত কৰিব এনআইএ-য়ে । এটা ছদ্মনামত ফেচবুক একাউন্টৰ বিৰুদ্ধে এনআইএ-য়ে তদন্ত আৰম্ভ কৰিছে ।

বিষয়টো সম্পর্কে অৱগত ব্যক্তিসকলে হিন্দুস্তান টাইমছক জনাইছে, শান্তি পেটেলৰ নামৰ (fb.com/shaanti.patel.89737) একাউন্টটোক লৈ তদন্ত আৰম্ভ কৰিছে এনআইএ-য়ে । ২০২০ত অন্ধ্রপ্রদেশ আৰক্ষীৰ এক তদন্তৰ পৰিপ্রেক্ষিতত প্রথমবাৰ উত্থাপিত হয় যে এইদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি আইএছআই-য়ে ভাৰতৰ সামৰিক কৰ্মচাৰীসকলৰ ডিভাইছ হেক কৰাৰ চেষ্টা কৰিছে । তাৰ পাছতেই সেনাই ২০২০ৰ ন জুলাইত সকলো কর্মচাৰীৰ ফেচবুক, ইনষ্টাগ্রাম, স্নেপচেটসহ মুঠ ৮৯টা এপ্ ডিলিট কৰাৰ নির্দেশ দিছিল ।

এনআইএ-য়ে সম্প্ৰতি অন্ধ্রপ্রদেশ আৰক্ষীৰ সেই গোচৰৰ ভিত্তিত সন্দেহজনকসকলৰ সন্ধান আৰম্ভ কৰিছে । এই গোচৰৰ ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক যোগসূত্র উলিয়াবলৈ তদন্ত আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত এনেদৰে তথ্য চুৰিৰ প্রভাৱ পৰ্যবেক্ষণ কৰা হৈছে ।

এই বিষয়ত নাম প্রকাশত অনিচ্ছুক এজন কর্মচাৰীয়ে কয় যে অফিচিয়েল ছিক্রেটছ এক্ট (অ’এছএ), বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ), তথ্য প্রযুক্তি আইন আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ ষড়যন্ত্রৰ অধীনত বিষয়টো পৰ্যবেক্ষণ কৰিব কেন্দ্রীয় সন্ত্রাসবিৰোধী তদন্তকাৰী সংস্থাই ।

এই ঘটনাৰ পৰিপ্রেক্ষিতত নাম প্রকাশত অনিচ্ছুক সেই কৰ্মচাৰীয়ে কয়, ‘আইএছআই হেকাৰসকল ফেচবুকত ‘শান্তি পেটেল’ৰ নামত একাউন্ট খুলি ভাৰতীয় প্রতিৰক্ষা কর্মচাৰীসকলৰ স’তে বন্ধুত্ব কৰিছিল আৰু তাৰ পাছত ব্যক্তিগত মেছেঞ্জাৰ চেটৰ মাধ্যমত তেওঁলোকৰ স’তে কথা পাতি যায় । ইয়াৰ পাছত লাস্যময়ী মহিলাৰ ছবি দেখুৱাই সেই ছবিৰ মাধ্যমত মালৱেৰ সোমাই দিয়া হৈছিল সংশ্লিষ্ট সামৰিক বিষয়াসকলৰ মোবাইল বা ডিভাইচত ।’

Exit mobile version