কলেষ্টেৰল প্ৰকৃততে মমৰ দৰে এক প্ৰকাৰৰ চৰ্বিযুক্ত পদাৰ্থ। যিটো যকৃতৰ পৰা তৈয়াৰ হয়। লাইপোপ্ৰ’টিনৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ কলেষ্টেৰল বিয়পে।
কলেষ্টেৰলে হৰমন নিয়ন্ত্ৰণ কৰাত আৰু স্বাভাৱিক অৱস্থাত থাকিলে নতুন কোষ সৃষ্টি কৰাত সহায় কৰে। কিন্তু যদি শৰীৰত প্ৰ’টিনৰ অভাৱ হয় আৰু চৰ্বিৰ পৰিমাণ অত্যাধিক বেছি হয়, ই কলেষ্টেৰলৰ স’তে মিহলি হয় আৰু ‘লো ডেনছিটি লাইপোপ্ৰ’টিন’ বা এলডিএল হৈ পৰে।
তেতিয়াই কলেষ্টেৰল শৰীৰৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে। যদি দৈনিক আহাৰত অস্বাস্থ্যকৰ চৰ্বিৰ পৰিমাণ উচ্চ হয় আৰু ব্যায়াম নহয়, তেনেহ’লে কলেষ্টেৰলৰ মাত্ৰা যথেষ্ট বৃদ্ধি হ’ব পাৰে।
ভৰিৰ কি লক্ষণে জনাই যে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে ?
যেতিয়ালৈকে কলেষ্টেৰলৰ মাত্ৰ অত্যাধিক বৃদ্ধি নহয়, শৰীৰত কোনো লক্ষণ নাথাকে। সেইটোৱেই কঠিন হৈ পৰে। সেইকাৰণে নিয়মীয়া তেজ পৰীক্ষা কৰি কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।
যেতিয়া কলেষ্টেৰল অত্যাধিক বেছি হয়, ই ভৰিৰ টেণ্ডন লিগামেণ্টসমূহ প্ৰভাৱিত কৰে। ভৰিৰ ধমনীবোৰ সৰু হৈ গ’লে, ভৰিৰ তলৰ অংশটো যথেষ্ট অক্সিজেনৰ স’তে ৰক্ত চলাচল হ’ব নোৱাৰে ।
সেয়ে ভৰি গধুৰ হৈ ভাগৰুৱা হৈ পৰে। ভৰিত অসম্ভৱ বিষ হোৱাটোও অস্বাভাৱিক নহয়। বাহুৰ পিছফালে বা আঁঠুৰ তলত বিষ হ’ব পাৰে। খোজ কাঢ়োঁতে এনে ধৰণৰ বিষ বৃদ্ধি হয়। অলপ দূৰত্বখোজ কাঢ়িলেও এই বিষ হ’ব পাৰে। সেয়েহে, এই লক্ষণবোৰ দেখিলেই সাৱধান হোৱা প্ৰয়োজন।