গুৱাহাটীত অল-নিউ ৱানপ্লাছ ৰোড ট্ৰিপ কেম্পেইন মুকলি

oneplus 10r

প্ৰতিষ্ঠিত ব্ৰেণ্ড ৱানপ্লাছ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰিছে ৱানপ্লাছ ৰোড ট্ৰিপ নামৰ এক অভিযান । এই ৰোমাঞ্চকৰ ট্ৰিপ অভিযানটো আজি গুৱাহাটীৰ তাজ ভিভান্তাত ফ্লেগ অফ কৰা হয় ।

অনুষ্ঠানত ৱানপ্লাছ ইণ্ডিয়াৰ সঞ্চালক সৌৰভ কাপুৰে এই অভিযান মুকলি কৰি সমগ্ৰ উত্তৰ-পূবৰ গ্ৰাহকক ৱানপ্লাছৰ অনন্য অভিজ্ঞতা প্ৰদান কৰাই এই অভিযানৰ লক্ষ্য বুলি উল্লেখ কৰে ।

তেওঁ কয়, ‘আমি ৱানপ্লাছত আজি নতুন ৱানপ্লাছ ৰোড ট্ৰিপ অভিযান মুকলি কৰি উৎসাহিত হৈছো । অসম, আৰু উত্তৰ-পূবৰ বজাৰ আমাৰ বাবে সঁচাকৈয়ে এক বিশেষ বজাৰ য’ত ৱানপ্লাছৰ অভিজ্ঞতাৰ চাহিদা বৃদ্ধি পাইছে আৰু ইয়াত এক সমৃদ্ধ সম্প্ৰদায় আছে । আমি ৱানপ্লাছৰ অভিজ্ঞতাক অঞ্চলটোত আমাৰ গ্ৰাহকৰ ওচৰলৈ আনিবলৈ পাই আনন্দিত হৈছো । তেওঁলোকক আমাৰ সামগ্ৰীৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰাই আমাৰ মুখ্য উদ্দেশ্য । আমি সমগ্ৰ ভাৰতত আমাৰ গ্ৰাহকসকলক অতুলনীয় প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।’

উল্লেখ্য, ভিভাণ্টাত ফ্লেগ-অফ অনুষ্ঠানৰ পৰৱৰ্তী পপ-আপ আউটলেটটো ১২ মে’ত আইআইটি গুৱাহাটী, ১৩ মে’ত চিটি চেণ্টাৰ মল, ১৪ মে’ত গুৱাহাটী মহাবিদ্যালয় আৰু ১৬ মে’ত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত স্থাপন কৰা হ’ব ।

ৱানপ্লাছ ৰোড ট্ৰিপৰ পপ-আপ অভিজ্ঞতা বিপনীখন ১৭ ফুটৰ এক বিশাল কেণ্টাৰ ট্ৰাকত স্থাপন কৰা হৈছে। এই বাহনখন অসম, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ দৰে বিভিন্ন ৰাজ্যৰ চহৰ আৰু চহৰৰ মাজেৰে যাব । ৱানপ্লাছ ৰোড ট্ৰিপৰ জৰিয়তে, ইয়াৰ সম্প্ৰদায়ৰ সদস্য আৰু গ্ৰাহকসকলে ৱানপ্লাছৰ নতুনকৈ মুকলি কৰা সামগ্ৰী ৱানপ্লাছ ১০আৰ, ৱানপ্লাছ নৰ্ড চিই ২ লাইট আৰু লগতে নৰ্ড বাডছৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ সুযোগ লাভ কৰিব ।

গ্ৰাহকসকল এই সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ সক্ষম হ’ব আৰু উদ্যোগটোৰ অংশ হিচাপে ৰোমাঞ্চকৰ অফাৰ লাভ কৰিব পাৰিব । এই অভিনৱ ৱানপ্লাছ ৰোড ট্ৰিপ অভিযানৰ অংশ হিচাপে, ব্ৰেণ্ডটোৱে ডাঙৰ কেণ্টাৰ ট্ৰাকক এটা মোবাইল অভিজ্ঞতা বিপনীলৈ ৰূপান্তৰিত কৰিছে । এই পপ-আপ আউটলেটটো জনপ্ৰিয় ৱানপ্লাছ এক্সপিৰিয়েঞ্চ ষ্ট’ৰৰ প্ৰিমিয়াম অভিজ্ঞতা প্ৰতিফলিত কৰাৰ বাবে ডিজাইন কৰা হৈছে ।

Exit mobile version