Thomas Cup : এই সাফল্য‌ই সকলোকে অনুপ্রাণিত কৰিব : বেডমিন্টনত ইতিহাস, উচ্ছ্বসিত প্ৰধানমন্ত্ৰী মোদী

আজি ভাৰতীয় বেডমিন্টনত ইতিহাস ৰচিলে ভাৰতে । ৭৩ বছৰত এয়ে প্রথমবাৰ ফাইনেলত সোণৰ পদক জয় কৰিলে ভাৰতৰ দলে । ইয়াৰ পূৰ্বে থমাছ কাপৰ ফাইনেলত ইতিহাস গঢ়িছিল ভাৰতীয় দলে ।

ইয়াৰ পূৰ্বে বেডমিন্টনৰ বিশ্বকাপ অর্থাৎ থমাছ কাপত ভাৰতৰ শ্ৰেষ্ঠ সাফল্যতা আছিল ১৯৫২, ১৯৫৯, আৰু ১৯৭৯ত ছেমিফাইনেলত যোৱা । সেই সময়ত ছেমিফাইনাললৈকে যায় যদিও পদক লাভ কৰা নাই ভাৰতে । পাঁচখন মেচৰ ভিতৰত প্রথম তিনিখন মেচ জয় কৰিয়ে প্রথমবাৰ থমাছ কাপত সোণ লাভ কৰিলে ভাৰতে ।

ভাৰতৰ এই সাফল্যত উচ্ছ্বসিত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী । তেওঁ টুইটত নিজৰ উচ্ছ্বাস প্রকাশ কৰি লিখে, ‘ইতিহাস ৰচনা কৰিছে ভাৰতীয় বেডমিন্টন দলে ! ভাৰতৰ থমাছ কাপ জয়ত উচ্ছ্বসিত সমগ্ৰ দেশ ! আমাৰ যুঁজাৰু দলক অভিনন্দন আৰু ভৱিষ্যতৰ বাবে তেওঁলোকক শুভকামনা । এই জয়ে বহু আসন্ন ক্রীড়াবিদক অনুপ্রাণিত কৰিব ।’

ইয়াৰ পূৰ্বে ১৪ বাৰ থমাছ কাপ জয় কৰিছে ইন্দোনেচিয়াই । এনে শক্তিশালী প্রতিপক্ষৰ বিৰুদ্ধে ফাইনেলৰ প্রথম মেচতেই জয় লাভ ভাৰতৰ ।

Exit mobile version