দেশ হওঁক বা বিদেশ, জাতি, ধৰ্ম বিশেষেও বিয়াৰ ৰীতি-নীতি সলনি হয়। এইটো এটা অতি স্বাভাৱিক বিষয় । কিন্তু কিছু কিছু বিয়াৰ এনে কিছুমান ৰীতি নীতি আছে যিসমূহ জানিলে আপুনি আচৰিত হ’ব।
বহুতো ধৰণৰ ৰীতি-নীতি শুনিব পোৱা যায় । কিন্তু কেতিয়াবা আপুনি শুনিছেনে যে বিয়াৰ পাছত তিনিদিনৰ বাবে নতুন কইনা আৰু দৰা শৌচাগাৰলৈ যাব নোৱাৰে ?
শুনি আচৰিত লাগিলেও এনে ৰীতি নীতি প্ৰচলিত আছে ইণ্ডোনেছিয়াৰ এটা জনজাতিৰ মাজত ।
জনজাতিটোৰ নাম টাইডং। তেওঁলোক মূলতঃ কৃষিজীৱী । বোৰ্নিঅ’ উত্তৰ-পূব অঞ্চলত ইণ্ডোনেছিয়া আৰু ম্যানমাৰৰ মাজৰ সীমাৰ ওচৰত বাস কৰে।
এই জনজাতিৰ বিবাহৰ ৰীতি হৈছে যে বিবাহৰ পাছত, নতুন কইনা আৰু দৰাক এটা কোঠালৈ লৈ যোৱা হয়। আৰু তেওঁলোকক তিনিদিনৰ বাবে সম্পূৰ্ণ পৃথক কৰি ৰখা হয়। এই সময়ত, তেওঁলোকৰ কোনোৱেই শৌচাগাৰলৈ যাব নোৱাৰে। সম্পূৰ্ণৰূপে নিষিদ্ধ।
টাইডং জনজাতিসকলে বিশ্বাস, বিবাহৰ পাছত নতুন জীৱন যাতে সুখে শান্তিৰে অতিবাহিত কৰিব পাৰি তাৰ বাবে এই ৰীতিনীতি পালন কৰা হয় ।
যদি নৱদম্পতিহালে এই তিনিদিন কোনো শৌচ নকৰাকৈ কটাব পাৰে, তেন্তে তেওঁলোকৰ বাকী জীৱন সুখেৰে কটাব। আৰু যদি বিফল হয়, তেন্তে দুয়োটাৰ মাজত পৃথকীকৰণ অনিবাৰ্য।