বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ছটাকৈ পৰিষদীয় সমষ্টিৰ মনোনয়ন দাখিল কৰিলে ৪৩ জন প্ৰাৰ্থীয়ে

4a07582e c25f 4c0a b430 960e07eb184c

অহা আঠ জুনত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিনটোত দেখা গ’ল দলীয় তথা আন প্ৰাৰ্থীসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ মাজত শক্তি প্ৰদৰ্শন ৷

প্ৰতিজন প্ৰাৰ্থীয়েই সমৰ্থকক লগত লৈ শোভাযাত্ৰাৰে আহি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ জিলাখনৰ ২৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত বোকাজান বিধান সভা সমষ্টিৰ অধীনত থকা ছটাকৈ পৰিষদীয় সমষ্টিত আজি ৪৩ জন প্ৰাৰ্থীয়ে বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷

অৱশ্যে ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত ১৭নং ছছেং ধেণ্টা সমষ্টিৰ পাঁচ গৰাকী প্ৰাৰ্থীয়েও বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰাত সাতটা পৰিষদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা ৪৮ জন হয় ৷

বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত আনকেইটা পৰিষদীয় সমষ্টি হল ২১নং বৰজান সমষ্টি,২২নং সৰুপথাৰ সমষ্টি,২৩নং বোকাজান সমষ্টি,২৪নং দেওপানী সমষ্টি,২৫নং নিলিপ সমষ্টি আৰু ২৬নং দুৱাৰ বাগৰি সমষ্টি ৷

উল্লেখযোগ্য যে শাসকীয় বিজেপিৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছে সাতোটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ বিপৰীতে জিলাখনত প্ৰথমবাৰৰ বাবে আপে চাৰিটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷

ইপিনে অল পাৰ্টী হিলছ লিডাৰছ কনফাৰেন্সে পাঁচটা সমষ্টিত,এ.এছ.ডি.চিয়ে ৪টা সমষ্টিত,চিপিআইএমএলে ৫টা সমষ্টিত প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে ১৬ জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে এই সাতটা সমষ্টিৰ পৰা প্ৰাৰ্থী আগবঢ়াইছে ৷ ২৪ মে’ত মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ অন্তিম দিন ৷

১২ জুনত ভোট গণনা কৰা হব ৷ উল্লেখনীয় যে আজি বিজেপি দলে হাজাৰ হাজাৰ দলীয় সমৰ্থকেৰে পৰিবেষ্টিত হৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে অন্যান্য প্ৰাৰ্থী সকলেও যথেষ্ট সংখ্যক সমৰ্থকসহ মনোনয়ন দাখিল কৰাৰ সময়ত পাহাৰীয়া জিলা খনত এটা সময়ত দপদপাই থকা কংগ্ৰেছ দলে নগণ্য সংখ্যক সমৰ্থকৰ স’তে প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হয় ৷

Exit mobile version