Covid Outbreaks : পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, ভাৰতসহ ১৬খন দেশত ভ্রমণত নিষেধাজ্ঞা জাৰি কৰিলে ছৌদি আৰৱে

1639897405 plane

বিগত কে’বাদিনো ধৰি ভাৰতত ঊর্ধ্বমুখী কৰ’নাৰ গ্রাফ । এনে পৰিস্থিতিতে এই দেশত ভ্রমণথ নিষেধাজ্ঞা জাৰি কৰিলে সৌদি আৰৱে । কেৱল ভাৰতেই নহয়, মুঠ ১৬খন দেশত যাতায়াতৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে তেওঁলোকে ।

ভাৰতসহ লেবনান, ছিৰিয়া, তুৰস্ক, ইৰান, আফগানিস্তান, ইয়েমেন, ছোমালিয়া, ইথিয়োপিয়া, কংগো গণতন্ত্র, লিবিয়া, ইন্দোনেছিয়া, ভিয়েটনাম, আর্মেনিয়া, বেলাৰুছ আৰু ভেনেজুয়েলাত সম্প্ৰতি যাতায়াত বন্ধৰ সিদ্ধান্ত লৈছে ছৌদি আৰৱে ।

ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্রণালয়ৰ এটা বিবৃতিত জনাইছে, এই পর্যন্ত নতুনকৈ সংক্রমণ উদ্বেগজনক হাৰত বৃদ্ধি পোৱা নাই । কিন্তু বিশ্বব্যাপী কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

অৱশ্যে ছৌদি আৰৱত এতিয়াও কোনো মাংকি পক্সত আক্রান্তৰ সন্ধান পোৱা নাই বুলি জনাইছে তাৰ প্রশাসনে । দক্ষিণ আফ্রিকাৰ পৰা সংক্ৰমণ হোৱা মাংকি পক্সত আক্রান্ত হৈছে ইউৰোপ আৰু আমেৰিকাৰ বাসিন্দাসকলে । এই অৱস্থাত সমস্ত দেশক সতর্কবার্তা দিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) ।

তেওঁলোকৰ তথ্য অনুযায়ী, এই পর্যন্ত মুঠ ১২খন দেশত ৯২ জন মাংকি পক্সত আক্রান্ত হৈছে । অৱশ্যে ইয়াত কোনো মৃত্যুৰ খবৰ পোৱা নাই ।

Exit mobile version