মূল্যবৃদ্ধি কমাবলৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ , হ্ৰাস পাব পাৰে চেনীৰ মূল্য

Sugar

বহুতো সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ মানুহে ভুগিব লগা হৈছে যমৰ মন্ত্ৰনা।সাধাৰণ ৰাইজক সকাহ দিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই । পেট্ৰ’ল, ডিজেল আৰু খোৱা তেলৰ পাছত, এইবাৰ চেনীৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত ল’লে মোদী চৰকাৰে ।

মঙলবাৰে, বিত্ত মন্ত্ৰালয়ে জনাইছে বছৰি ২০ লাখ টন কৰি খাৰুৱা সূৰ্যমুখী তেল আৰু চয়াবীন তেল আমদানি কৰিব । তাৰ বাবে আমদানি শুল্ক আৰু কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন উপকৰ পৰিশোধ কৰাৰ কোনো প্ৰয়োজন নাই।

দুবছৰৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশ । যাৰ বাবে খোৱা তেলৰ মূল্য প্ৰতি লিটাৰত তিনি টকা কৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও, ছবছৰৰ ভিতৰত এইটো প্ৰথম বাৰৰ বাবে চেনী ৰপ্তানি নিষেধাজ্ঞা জাৰি আৰু কিছুমান ক্ষেত্ৰত সৰ্বাধিক সীমা আৰোপ কৰা হৈছে।

বিত্ত মন্ত্ৰালয়ে জনাইছে, এক জুনৰ পৰা বছৰি এক কোটি টনতকৈ অধিক চেনী ৰপ্তানি কৰিব নোৱাৰিব। ডিৰেক্টৰেট জেনাৰেল অফ ফৰেন ট্ৰেডৰ তৰফৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, এই বছৰৰ এক জুনৰ পৰা চেনী ৰপ্তানি সীমিত বিভাগত ৰখা হৈছে।

লগতে জনোৱা হৈছিল যে চিএক্সএল আৰু টিআৰকিউৰ অধীনত ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকালৈ ৰপ্তানি কৰা চেনীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।

প্ৰসংগত, কৰ’না কালত ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ উপৰিও, সৰিয়হ, চয়াবীন, পামকে ধৰি সকলো প্ৰকাৰৰ খোৱা তেলৰ মূল্য বৃদ্ধি পাইছিল।

সাধাৰণ মানুহৰ পৰা বিৰোধীলৈকে সকলোৱে কেন্দ্ৰৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ উলিয়াইছে। অৱশ্যে, এইবাৰ চৰকাৰে ক্ষতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিছে। যদি চেনীৰ মূল্য অলপ হ্ৰাস কৰা হয়, ই নিঃসন্দেহে মানুহৰ সমাধান হ’ব।

Exit mobile version