Nigeria Terror Attack : নাইজেৰিয়াত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ ! নিহত ৫০

Boko Haram

নাইজেৰিয়াত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ ! দেশখনৰ উত্তৰ-পূৱত কেমেৰুন সীমান্তত বোর্নো প্রদেশত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় ৫০ জনৰ মৃত্যু হৈছে ৷ আহতৰ সংখ্যাও প্রচুৰ ৷ তেওঁলোকৰ ভিতৰত কে’বাজনৰ অৱস্থা সংকটজনক ৷ স্থানীয় বাসিন্দাসকলে সন্দেহ কৰিছে এই কাৰ্য বোকো হাৰাম সন্ত্ৰাসগোষ্ঠীৰ ৷ ২০০৯ৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণত বিধ্বস্ত বোর্নো ষ্টেট আৰু নাইজেৰিয়াৰ উত্তৰ-পূর্বাংশ ৷

এজন স্থানীয় কৃষকৰ কথাত, ‘‘আমি প্রত্যেকেই এই ঘটনাত অতি শংকাত আছো ৷ ময়েই মৃত ৫০ জনক কবৰ দিছো ৷ মৃতসকলৰ ভিতৰত অধিকাংশই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত কৃষিকাৰ্য কৰিছিল ৷ বাকীসকলে কাঠ সংগ্রহ কৰিবলৈ গৈছিল ৷ বিশাল সংখ্যাত বোকো হাৰাম সন্ত্ৰাসবাদী গোষ্ঠীৰ লোকে মটৰ চাইকেলত আহি গুলি চালনা কৰে ৷ চকুৰ পচাৰতে ইমান সংখ্যক লোকৰ মৃত্যু হয় ৷’’

Exit mobile version