ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ’ল ধিঙৰ বৰবিল মোৱামাৰী মোক্তাব বিদ্যালয়ৰ এটা ভৱন

নিশ্চিহ্ন হোৱাৰ পথত বিৰিঙাবাৰী গাঁও

IMG 20220526 160744

নগাঁও জিলাৰ উত্তৰ ধিঙৰ কেতবোৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বিৰিঙাবাৰী গাঁও খনৰ প্ৰায় নৱৈ শতাংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

যেনে তেনি ঢাপলি মেলিছে খহনীয়াত সৰ্বস্ব হেৰুওৱা কে’বাশ সংখ্যালঘু সম্প্ৰদায় লোক। আনহাতে,ইয়াৰ পাৰ্শ্বৱৰ্তী গতিকৰা,মোৱামাৰী আৰু ল’ৰামুখত ব্ৰহ্মপুত্ৰৰ গৰাগহনীয়াই এফালৰ পৰা গ্ৰাস কৰি গৈছে বিভিন্ন জনৰ বাসগৃহ, কৃষি ভূমি আৰু চৰকাৰী বিদ্যালয়। ধিঙৰ মোৱামৰী গাৱঁৰ।

গাওঁ খনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰি এফালৰ পৰা ঘৰ, বাৰী, শ শ বিঘা মাকৈ মৰাপাটৰ খেতি, কৃষি ভূমি এতিয়া নদীৰ বুকুত জাহ নিয়াইছে । বিগত দুটা বছৰে অব্যাহত থকা খহনীয়াৰ ফলত বিৰিঙাবাড়ী গাওঁ খন প্ৰায় সম্পূৰ্ণ ৰূপে জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত ।

বৰ্তমানেও খহনীয়াৰ ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে মোৱামৰীৰ অৱশিষ্ট অংশত। আতংকিত হৈ পৰিছে গাওঁবাসী । শেহতীয়াকৈ চলিত সপ্তাহটোত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত নদীত জাহ যায় বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন অতি প্ৰাচীন চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়।

১৯৬৯চনতে স্থাপিত এই বিদ্যালয়খনৰ নাম বৰবিল মোৱামাৰী মোক্তাৱ বিদ্যালয়।গুণোৎসৱৰ পাছতেই বিদ্যালয় খনৰ তিনটা ভৱনৰ এটা ভৱনৰ লগতে বিদ্যালয়ৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰো লুইতত জাহ যায়। বিদ্যালয়ৰ পকী বেৰ সমূহ তাচপাতৰ দৰে খহি পৰা এই হৃদয় বিদাৰক দৃশ্যই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক কন্দুৱাই পেলোৱা পৰিলক্ষিত হৈছে।

খহনীয়াৰ প্ৰকোপ অব্যাহত থাকিলে অচিৰেই বিদ্যালয় খনৰ আন দুটা ভৱনো লুইতত জাহ যোৱাৰ আশংকা কৰা হৈছে। সেয়েহে এই প্ৰাচীন চৰকাৰী বিদ্যালয় খন এতিয়া ভাঙি অন্য স্থানলৈ স্থানান্তৰৰ যোজা চলাইছে ।ধিং ৰাজহ চক্ৰৰে তিনি -চাৰি খনকৈ গাঁৱত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াই এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা সত্বেও কাণসাৰ নাই ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ।

সেয়ে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনাইছে খহনীয়াত আক্ৰান্ত ৰাইজে । ইপিনে, প্ৰতিৱেশী জিলা মৰিগাঁৱতো ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াই তাণ্ডৱ অব্যাহত ৰাখিছে।

ইতিমধ্যে জিলা খনৰ ভজাইখাইতি গাঁও খন প্ৰায় সম্পূৰ্ণ ৰূপে লুইতত জাহ গৈছে। খহনীয়াৰ প্ৰকোপ অব্যাহত আছে বৰচাপৰি গাঁৱত।

Exit mobile version