India-Pakistan : সিন্ধু জলচুক্তি বিষয়ত আলোচনা কৰিবলৈ দিল্লীমুখি পাকিস্তানৰ পাঁচ সদস্যৰ প্রতিনিধি দল

984bf2c4 adc9 11eb b9f2 94e9efdb5fe8 1620236857005

পুনৰ আলোচনাৰ টেবলত মুখামুখি বহিব ভাৰত আৰু পাকিস্তানে । ৰাজধানী দিল্লীত সোমবাৰে মুখামুখি বহিব দুই দেশ । আলোচনাৰ সম্ভাৱনা সিন্ধু জলচুক্তি সন্দৰ্ভত । লগতে বান নিয়ন্ত্রণত তথ্য বিনিময়ক লৈও দুই দেশৰ আলোচনা হ’ব পাৰে ।

পাকিস্তানৰ প্রধানমন্ত্রীয়ে পাঁচ সদস্যৰ দল প্ৰেৰণ কৰিছে ভাৰতত । মূলত জলচুক্তিক লৈ আলোচনাৰ কথা থাকিলেও, এই সাক্ষাতৰ ৰাজনৈতিক তাৎপর্য বিপুল । সোমবাৰে ৱাঘা সীমান্তৰে পাক প্রতিনিধি দল ভাৰতত প্রৱেশ কৰিব । দিল্লীত ৩০ আৰু ৩১ মে’— দুদিনৰ বৈঠকৰ পাছত পহিলা জুনত তেওঁলোক উভতি যাব ইছলামাবাদত । পাক সংবাদমাধ্যম সূত্রে খবৰ, ইয়াৰ আগতে মার্চতো সিন্ধু জলচুক্তি সংক্রান্ত স্থায়ী কমিছনৰ বৈঠক হৈছিল ইছলামাবাদত । পুনৰ বৈঠক হৈছে দিল্লীত ।

সিন্ধু জলচুক্তি সংক্রান্ত স্থায়ী কমিছনৰ পাকিস্তানৰ কমিছনাৰ ছৈয়দ মেহৰ আলি শ্বাহে কয়, ‘‘দুই দেশৰ মাজত সিন্ধু জলচুক্তিক লৈ এটা ১১৮তম দ্বিপাক্ষিক বৈঠক । ইয়াৰ আগতে ইছলামাবাদত যোৱা দুইৰ পৰা চৰি মার্চ তিনি দিনৰ বৈঠকত আমাৰ দেখা হৈছিল ।’’ প্রসংগত, ছৈয়দ মেহৰৰ নেতৃত্বতেই সোমবাৰে পাঁচ সদস্যৰ প্রতিনিধি দল ভাৰতত আহে ।

সূত্রৰ খবৰ, ইয়াৰ উপৰি দুখন দেশে নিজৰ মাজত আৰু কিমান বিষয়ে আলোচনা কৰিব । তাৰ ভিতৰত উল্লেখযোগ্য, পাকিস্তানে তৈয়াৰ কৰা কে’বাটাও প্রকল্প । ভাৰতৰ মতে যি ১৯৬০ৰ সিন্ধু জলচুক্তিৰ স’তে সংগতিপূর্ণ নহয় । অৱশ্যে এই পৰ্যায়ত পাক প্রতিনিধিদলৰ ঝিলম বা চেনাবৰ ওপৰত কোনো জলবিদ্যুৎ প্রকল্প পৰিদর্শনৰ কথা নাই ।

ৰাজনৈতিক পর্যবেক্ষকসকলৰ এটা অংশ যদিও এই দ্বিপাক্ষিক বৈঠকক পৃথককৈ গুৰুত্ব দিবলৈ প্ৰস্তুত নহয় । তৎসত্ত্বেও ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো বিষয় লৈ আলোচনাৰেই পৃথক তাৎপর্য আছে বুলি ধাৰণা কৰে অনেকে ।

Exit mobile version