Currency Note : প্ৰতি বছৰে বজাৰত হ্ৰাস পাইছে দুহেজাৰ টকাৰ নোট

1653698784 2000

দেশত প্ৰতি বছৰে দহেজাৰ টকাৰ নোটৰ ব্যৱহাৰ হ্ৰাস পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ (আৰবিআই) বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ভাৰতীয় বজাৰত দুহেজাৰ টকাৰ নোটৰ মুঠ সংখ্যা এতিয়া ২১৪ কোটি। যি বজাৰৰ মুঠ নোটৰ সংখ্যাৰ মাত্ৰ ১.৬ শতাংশ।

আনহাতে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ প্ৰতিবেদন অনুসৰি, বজাৰত এতিয়াও ৪,৫৫৪ কোটি ৬৮ লাখ ৫০০ টকাৰ নোট । প্ৰসংগত ২০১৬ চনৰ নৱেম্বৰত, নৰেন্দ্ৰ মোদী চৰকাৰে বিমুদ্ৰাকৰণৰ পাছত ২,০০০ টকা আৰু নতুন ৫০০ টকাৰ নোট প্ৰৱৰ্তন কৰে।

কিন্তু আৰম্ভণিতে লাহে লাহে, ২০০০ টকাৰ নোট বজাৰত আহিছে। দৰাচলতে, এতিয়া এটিএমবোৰত ২০০০ টকাৰ নোট প্ৰায় পোৱাই নাযায়।

বিগত বছৰৰ মাৰ্চ মাহত, বজাৰত ২০০০ টকাৰ নোটৰ সংখ্যা আছিল ২৪৫ কোটি । যি বজাৰৰ মুঠ নোটৰ সংখ্যাৰ প্ৰায় দুই শতাংশ। ইয়াৰ আগতে ২০০০ চনত শীৰ্ষ বেংকৰ প্ৰতিবেদনত কোৱা হৈছিল যে ভাৰতত ২৭৪ কোটি ২,০০০ টকাৰ নোট প্ৰচলিত হৈ আছে।

যিটো মুঠ নোটৰ প্ৰায় আঢ়ৈ শতাংশ আছিল। যোৱা দুবছৰত, ই আৰু অধিক হ্ৰাস পাইছে। কিছুমান অৰ্থনীতিবিদে বিশ্বাস কৰে যে আৰবিআইয়ে নকল নোটৰ সমস্যা পৰিহাৰ কৰিবলৈ ক্ৰমান্বয়ে ২০০০ টকাৰ নোটৰ সংখ্যা হ্ৰাস কৰিছে।

Exit mobile version