চি ইউ ই টি : দিল্লী বিশ্ববিদ্যালয়ৰ বাবে সৰ্বাধিক আবেদন

istockphoto 1012049016 612x612 1

কমন ইউনিভাৰ্ছিটি এণ্ট্ৰেন্স টেষ্ট (চি ইউ ই টি)ৰ বাবে বৰ্তমানলৈকে ৯১৯৪৫৭ জন প্ৰাৰ্থীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে । কালি স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া চি ইউ ই টি পৰীক্ষাৰ আবেদনৰ অন্তিম দিন আছিল ।

উল্লেখ্য যে চি ইউ ই টি পৰীক্ষাৰ জৰিয়তে দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সহ একাংশ ৰাজ্যিক আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থী বাছনি কৰা হ’ব । স্নাতক পাঠ্যক্ৰমৰ ক্ষেত্ৰত নামভৰ্তিৰ বাবে সৰ্বাধিক সংখ্যক আবেদন লাভ কৰিলে দিল্লী বিশ্ববিদ্যালয়ে ।

আনহাতে, বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ)ত নামভৰ্তিৰ বাবে ৩৯,৮২১০ প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে । এলাহাবাদ বিশ্ববিদ্যালয়ৰ বাবে ২,৩৯,৫২৭ জন, বাবা চাহেব ভীমৰাও ইউনিভাৰ্ছিটিৰ বাবে ১,৫৮৫৭৪ জন, আই আই এম টি ইউনিভাৰ্ছিটিৰ বাবে ১,৪৫,৫২০ জন, বি আৰ আম্বেদকাৰ ইউনিভাৰ্ছিটি দিল্লীৰ বাবে ১,৩৫,১৪৯ জন, জামিয়া মিলিয়া ইছলামিয়াৰ বাবে ১,২৬,৩৩৩ জন, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ বাবে ১,২২,৪৩৭ জন, হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাবে ৯৬,০২১, জে এন ইউৰ বাবে ৫৮,৭১৫ জন শিক্ষাৰ্থীয়ে আবেদন ‌দাখিল কৰিছে ।

উত্তৰ প্রদেশৰ পৰা সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চি ইউ ই টি পৰীক্ষাৰ বাবে আবেদন কৰিছিল । ৭৬ শতাংশ শিক্ষাৰ্থীয়ে এই পৰীক্ষাৰ বাবে ইংৰাজী মাধ্যমক নিৰ্বাচন কৰিছে । আবেদনকাৰীসকলৰ ৪৪.১৬ শতাংশ হৈছে মহিলা । জুলাইৰ দ্বিতীয় সপ্তাহত দেশৰ প্ৰায় ৫৫০ পৰীক্ষাকেন্দ্ৰত চি ইউ ই টি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

Exit mobile version