Manish Sisodia : এইবাৰ গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা মণীশ ছিসৌদিয়াক ! মোদীক কটাক্ষ কৰি দাবী কেজৰিৰ

1654155324 sisodia kejriwal

এইবাৰ ‘ভুৱা অভিযোগ’ত গ্রেপ্তাৰ হ’ব পাৰে উপমুখ্যমন্ত্রী মণীশ ছিসৌদিয়া, মন্ত্রী সতেন্দ্র জৈনক গ্রেপ্তাৰিৰ পাছত এইবাৰ এই মন্তব্য কৰিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ।

সম্প্রতি হাৱালৰ মাধ্যমত অর্থ সৰবৰাহৰ অভিযোগত দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্রক গ্রেপ্তাৰ কৰে প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) । সেই প্রসংগত মন্তব্য কৰি কেজৰিৱালে কয়, ‘‘সত্যেন্দ্রৰ পাছত এইবাৰ ভুৱা অভিযোগত মণীশ ছিসৌদিয়াক গ্রেপ্তাৰ কৰিব পাৰে কেন্দ্রীয় তদন্তকাৰী সংস্থাই । কেন্দ্র‌ই ইতিমধ্যে তেওঁৰ বিৰুদ্ধে চোৰাংচোৱা সংস্থাক ভুৱা গোচৰ দাখিল কৰাৰ নির্দেশ দিছে । এক সূত্র‌ই এই বক্তব্যক নিশ্চিত কৰিছে ।’’

মুখ্যমন্ত্রী মণীশক ‘ভাৰতৰ শিক্ষা বিপ্লৱৰ প্রতিষ্ঠাতা’ উল্লেখ কৰি কয়, ‘‘১৮ লাখ শিক্ষাৰ্থীক প্ৰশ্ন কৰিব বিচাৰো মণীশ কি দুর্নীতিগ্রস্ত ? একেই প্রশ্ন তেওঁলোকৰ পিতৃ-মাতৃকো সোধিব বিচাৰো ।’’

প্রসংগত, দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ একাধিক উদ্যোগ আয়েছে উপমুখ্যমন্ত্রীৰ । সম্প্রতি উচ্চশিক্ষাৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতাৰ বাবে ব্রিটেইনতো গৈছে ।

কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ ‘সক্রিয়’ হোৱাৰ ক্ষেত্ৰত তেওঁ মোদী চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্যই দেখিছে । হিমাচলত নির্বাচন সমাগত, ইয়াৰ উপৰি পঞ্জাৱ নির্বাচনত পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ কেন্দ্রৰ শাসকদল কেন্দ্রীয় তদন্তকাৰী সংস্থাবোৰক গোচৰ ৰুজু কৰিবলৈ কৈছে ।

অৱশ্যে মুখ্যমন্ত্ৰী কেজৰিৱালে জনায়, এইবোৰক লৈ তেওঁ চিন্তিত নহয় । তেওঁ কয়, ‘‘সকলো মন্ত্রীৰ বিৰুদ্ধে গোচৰ দাখিল কৰক । তদন্ত কৰক । যিমানে মন্ত্রীসকলক বাধা দিব সিমানে উন্নয়নৰ কাম গতিৰুদ্ধ হ’ব ।’’

Exit mobile version