আকৌ পুনৰ শিহৰণকাৰী ঘটনা সংঘটিত হ’ল এন এইচ পি চিৰ দ্বাৰা নিৰ্মীয়মান গেৰুকামুখৰ নামনি সোৱণশিৰি প্ৰকল্পত । জলবিদ্যুৎ প্ৰকল্পৰ দুই নং টাৰ্ণেলত কাম কৰি থকা অৱস্থাতে মাটি খহি চেপা খাই থিতাতে মৃত্যু শ্ৰমিকৰ ।
শ্ৰমিকে লিপ্ট লগাই ৱলেডিং কৰি থকা অৱস্থাতে খহিছিল মাটি । তাৰ পাছতে হাহাকাৰৰ সৃষ্টি হয় এন এইচ পি কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ মাজত । ফ’কলেন আনি উলিয়াব লগা হ’ল মৃত শ্ৰমিকক ।
মৃত শ্ৰমিকজন ধেমাজি মিংমাং পশ্চিম পাৰ্বতীপুৰ গাঁৱৰ নিৱাসী ফনীধৰ হাতীবৰুৱাৰ পুত্ৰ জিতু হাতীবৰুৱা(২০) । জিতুৱে পুৱা আগৰ দৰে এন এইচ পি চিৰ পেটেল নামৰ কোম্পানীত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল । কাম কৰি থকা অৱস্থাতে দুপৰীয়া সংঘটিত হৈছিল ঘটনাটো ।
ইয়াৰ পাছতে আজি সুস্থ শৰীৰ বিপৰীতে ঘূৰি আহিল নিঠৰ মৃত দেহ । পিতৃ-মাতৃ, ভ্ৰাতৃ আৰু দুগৰাকী পত্নীৰ লগতে তিনিগৰাকী কণমাণিক এৰি থৈ গৈছে শ্ৰমিক জিতুৱে । এই ক্ষেত্ৰত NHPCৰ কৰ্তৃপক্ষৰ চৰম গাফিলটিৰ বাবে শ্ৰমিকৰ মৃত্যু বুলি উল্লেখ কৰে ৰাইজে ।
উল্লেখ্য, পুঁজিপতি সমৰ্থিত বিজেপি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আগষ্টত জলবিদ্যুৎ প্ৰকল্পৰ এটা ভাগ বিদ্যুৎ বিতৰণৰ বাবে কাৰ্যক্ৰম কৰাৰ কথা । এই ক্ষেত্ৰত দিনে-নিশাই কামত লগাইছে শ্ৰমিকক । কিন্তু কিমান নিৰাপত্তাৰ মাজৰে কামত লগাইছে শ্ৰমিকসকলক ? ইয়াক লৈ প্ৰশ্ন সচেতন মহলৰ ।
ইফালে, ইয়াৰ আগতেও টাৰ্ণেল আৰু পাৱাৰ হাউছত এনে ঘটনাত বহু শ্ৰমিকৰ মৃত্যু হয় যদিও পোহৰলৈ অহা নাছিল । সমান্তৰালকৈ আজি প্ৰকল্পটোত পাৱাৰ হাউছৰ পৰা খহি পৰি দুগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয় । ইয়াৰ হিচাপ নাই আজিও বহু চৰ্চিত এন এইচ পি চিৰ কৰ্তৃপক্ষৰ ।
আনফালে, পৰিয়ালৰ একমাত্ৰ জীৱিকা গ্ৰহণ কৰি পো-পাল কৰা শ্ৰমিক জিতু হাতী বৰুৱাৰ মৃত্যুত অঞ্চলত শোঁকৰ ছাঁ পৰে । ৰাইজে শ্ৰমিকগৰাকীক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে এন এইচ পি চিক ।