২০০৬ত উত্তৰ প্রদেশৰ বাৰাণসীত এদিনতে এটাৰ পাছত আনটো বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত ৱালিউল্লাহ খানক ফাঁচীৰ শাস্তি ঘোষণা কৰিলে ।
সোমবাৰে গাজিয়াবাদ জিলা আদালতে এই শাস্তি ঘোষণা কৰে । ২০০৬ৰ সাত মার্চত যুতীয়া বিস্ফোৰণত কঁপি উঠিছিল বাৰাণসীৰ সংকটমোচন মন্দিৰ । বিস্ফোৰণ হয় বাৰাণসী কেন্টেনমেন্ট ষ্টেচনতো । সেই বিস্ফোৰণত ৩০ জনৰ মৃত্যু হৈছিল । আহত হয় প্রায় ১০০ জন । গৌদালিয়াত তৃতীয় বোমাটো ৰখা আছিল । কিন্তু বিস্ফোৰণৰ আগতে সেইটো নিষ্ক্রিয় কৰা হয় ।
এই ঘটনাৰ পাছত পাঁচ এপ্রিলত প্রয়াগৰাজ জিলাৰ ফুলপুৰ গাঁৱৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল ৱালিউল্লাহক । পাছত ইলাহাবাদ উচ্চ ন্যায়ালয়ৰ নির্দেশত এই গোচৰ গাজিয়াবাদ জিলা আদালতত স্থানান্তৰিত কৰা হয় ।
প্রায় ১৬ বছৰৰ শুনানি-পর্বৰ পাছত যোৱা শনিবাৰে বাৰাণসী বিস্ফোৰণ গোচোৰত ধৃত ৱালিউল্লাহক দোষী সাব্যস্ত কৰে গাজিয়াবাদ জিলা আদালতে । সোমবাৰে অপৰাধীৰ শাস্তি ঘোষণাৰ কথা জনায় বিচাৰকে ।
বাৰাণসী বিস্ফোৰণৰ ঘটনাত জড়িত থকাৰ অভিযোগত ঝাঁচিত মুস্তাকিম, জাকাৰিয়া আৰু ছামীম নামে তিনি ব্যক্তিসহ কে’বাজনৰ নাম উঠিছিল । যদিও উত্তৰ প্রদেশ আৰক্ষীয়ে শেষ পর্যন্ত তেওঁলোকক কৰায়ত্ত কৰিব কৰিব নোৱাৰে ।