Bharat Gaurav : দেশৰ ইতিহাসত প্রথম, ভাৰত গৌৰৱ পর্যটন ৰেল যাব নেপালৰ বিভিন্ন ৰাম-তীর্থত

dd34a4643724a4c248cdb62972091e94 original

নেপাল চৰকাৰৰ অনুমোদন লাভ কৰিলে । ভাৰত গৌৰৱ পর্যটন ট্রেইন এইবাৰ যাব প্রতিবেশী দেশ নেপালৰ ৰাম-তীর্থতো । অহা ২১ জুনত ৰাজধানী দিল্লীৰ সফদৰজং ৰেল ষ্টেচনৰ পৰা যাত্রা আৰম্ভ কৰিব এই ট্রেইনখনে । টিকিটৰ দাম ৬৫ হেজাৰ টকা ।

পর্যটকক লৈ ভাৰতীয় ট্রেইনে এয়ে প্রথমবাৰ দেশৰ সীমান্ত অতিক্রম কৰি প্ৰৱেশ কৰিব চুবুৰীয়া দেশ নেপালত । ৰামচন্দ্রৰ জীৱনৰ স’তে কোনো না কোনো প্ৰকাৰে সংযুক্ত বিভিন্ন মন্দিৰ আৰু তীর্থস্থান আছে ভাৰত আৰু নেপালৰ বিভিন্ন স্থানত । ভাৰত গৌৰৱ ট্রেইন এই স্থানবোৰলৈ যাব ।

ট্রেইনখন ভাৰতৰ সীমান্ত পাৰ হৈ যাব নেপালৰ ধনুষা পাহাৰ, বাহান্ন বিঘা ক্ষেত্র, মা জানকী জন্মস্থলী মন্দিৰ আৰু শ্রীৰাম বিবাহ স্থলত । ১৮ দিনৰ ভ্ৰমণত ভাৰত গৌৰৱে অতিক্ৰম কৰিব প্রায় আঠ হেজাৰ কিলোমিটাৰ । সফদৰজং ষ্টেচনৰ পৰা যাত্রা আৰম্ভ কৰাৰ পাছত ট্রেইনখন যাব উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ, মহাৰাষ্ট্র, কর্নাটক, তামিলনাডু, অন্ধ্রপ্রদেশ আৰু তেলেংগানাৰ ১২খন বৃহৎ চহৰ — অযোধ্যা, বক্সাৰ, জনকপুৰ, সীতামঢ়ি, কাশী, প্রয়াগ, চিত্রকূট, নাছিক, হাম্পি, ৰামেশ্বৰম, কাঞ্চিপুৰম আৰু ভদ্রাচলমলৈ । একেই ট্রেইন যাব নেপালতো । মুঠ ছশজন যাত্রীয়ে ভ্ৰমণ কৰিব পাৰিব এই ট্রেইনত । জনপ্রতি টিকিট হ’ব ৬৫ হেজাৰ টকা ।

আইআৰচিটিচিৰ মুখপাত্র আনন্দ ঝাই কয়, ‘‘এই পর্যন্ত ৪৫০টা টিকিট বিক্রী হৈছে । চাৰি বছৰৰ ঊর্ধ্বৰ সকলোৱে টিকিট কাটিব লাগিব । এই ট্রেইনখনেই প্রথম ভাৰতৰ পৰা নেপাললৈ যাব । আইআৰচিটিচি-ৰ ৱেবছাইটৰ পৰা টিকিট কৰিব পাৰিব ।’’ অহা ১৭ জুনত দিল্লী ষ্টেচনত ট্রেইনখন জনসাধাৰণৰ বাবে ৰাখা হ’ব । ২১ তাৰিখে যাত্রা আৰম্ভ হ’ব ।

Exit mobile version