Prophet Row : ধর্মীয় বিদ্বেষমূলক মন্তব্য, নূপুৰ শর্মাৰ বিৰুদ্ধে এফআইআৰ দিল্লী আৰক্ষীৰ

saudi arabia condemns controversial remarks of bjp leader against prophet

ধর্মীয় বিদ্বেষমূলক মন্তব্য কৰাক লৈ এইবাৰ সক্রিয় হ’ল দিল্লী আৰক্ষী । ছাছপেণ্ডেড বিজেপি নেত্ৰী নূপুৰ শর্মা আৰু নবীন জিন্দলৰ লগতে সাংবাদিক শাবা নকভি, সংখ্যালঘু নেতা শাদাব চৌহানৰ, ধর্মীয় নেতা মৌলানা মুফতি নাদিমৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ ।

দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ ‘ইন্টেলিজেন্স ফিউছন এণ্ড ষ্ট্ৰেটেজিক অপাৰেছন (আইএফএছঅ’) ইউনিট’-ৰ ডেপুটি কমিছনাৰ কেপিএছ মালহোত্রাই জনাইছে, পয়গম্বৰ সম্পর্কে বিতর্কিত মন্তব্যৰ বাবে নূপুৰৰ বিৰুদ্ধে এটা এফআইআৰ কৰা হৈছে । দ্বিতীয় এফআইআৰত নাম আছে নবীন, শাবাসহ আঠজনৰ । হিন্দু মহাসভাৰ মুখপাত্র পূজা শাকুন পাণ্ডেও আছে এই তালিকাত । সামাজিক মাধ্যমত ধর্মীয় বিদ্বেষ বিয়পোৱাৰ অভিযোগত অনিলকুমাৰ মীনা, গুলজাৰ আনছাৰি, আব্দুৰ ৰহমানৰ নামত দাখিল হৈছে এফআইআৰ ।

পয়গম্বৰ সম্পর্কে বিতর্কিত মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় মুখপাত্র নূপুৰ আৰু দিল্লীৰ নেতা নবীনক বিজেপিয়ে নিলম্বন কৰিছে । কিন্তু সেই শাস্তিৰ প্রতিবাদত ইতিমধ্যে সামাজিক মাধ্যমত প্রচাৰত নামিছে বিজেপি সমর্থকসকলৰ একাংশ । ট্রেণ্ডিং হৈছে ‘নূপুৰ নবীন কো ৱাপছ লো’ প্রচাৰ ।

বিজেপি সমর্থক অনেকেই টুইটাৰত দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে । দলৰ শীর্ষনেতৃত্ব‌ই কিয় নূপুৰ-নবীনক সহযোগ কৰা নাই, বুলিও প্রশ্ন উত্থাপন কৰিছে । কিন্তু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্ত্রণালয় নিয়ন্ত্রিত দিল্লী আৰক্ষীৰ পদক্ষেপত স্পষ্ট, আন্তর্জাতিক মঞ্চত চাপৰ সন্মুখীন হোৱা নৰেন্দ্র মোদী চৰকাৰে সম্প্ৰতি ঘৃণা-ভাষণ বিতর্কত ‘কঠোৰ অৱস্থান’ বজায় ৰাখিব বিচাৰিছে ।

Exit mobile version