কাজলগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ

মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান

নিম্নতম মাননিৰ বিনিময়ত বছৰ বছৰ ধৰি কাম কৰি অহা মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকলক বঞ্চিত কৰি ব্যৱসায়িক তথা ব্যক্তিগত সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত তাৎক্ষনিকভাৱে বাতিল কৰা, সমস্ত বকেয়া মাননি সোনকালে মোকলাই দিয়া, চৰকাৰৰ নূন্যতম মজুৰি আইনৰ আধাৰত ৰন্ধনকৰ্মীৰ মাননি নিৰ্ধাৰণ কৰা, কামৰ নিৰাপত্তা, পেঞ্চন, চিকিৎসা সাহাৰ্য্যকে ধৰি সামাজিক সুৰক্ষা ব্যৱস্থা কৰা আৰু মাননি মাহৰ প্ৰথম সপ্তাহতে আদায় দিয়া মুঠ পাঁচ দফীয়া দাবীৰে আজি চিৰাং জিলা সদৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

কাজলগাঁও বজাৰ গৃহৰ পৰা সহস্ৰাধিক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকলে এক প্ৰতিবাদী সমদল উলিয়াই জিলা সৰ্বশিক্ষা কাৰ্য্যালয়ৰ সন্মুখত ৰন্ধন কৰ্মীসকলে একত্ৰিত হৈ তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।

পৰৱৰ্তী সময়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, চিৰাং জিলা সমিতিৰ পৰা সৰ্বশিক্ষা ডিএমচিৰ জড়িয়তে ৰাজ্যৰ মুখমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

Exit mobile version