চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

WhatsApp Image 2022 06 16 at 3.34.19 PM

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চিথিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দীজেন্দ্ৰ নাথ বৰ্মনে ।

উক্ত সভাত উপস্থিত থাকে দোতমা শিক্ষা খণ্ডৰ বিষয়া, দোতমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা, কেএচিৰ ই এম কৰ্মেশ্বৰ ৰায়, সমাজসেৱক তথা ব্যাৱসায়ী সুকুমাৰ দেবনাথ, ৰাজু কুমাৰ বৰ্মনৰ লগতে অইন অইন বিশিষ্ট ব্যক্তিসকল আৰু ছাত্ৰ-ছাত্ৰীসকল ।

উক্ত সভাত প্ৰথম স্থান পোৱা অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আৰু এজোপাকৈ গছপুলি দি সম্বৰ্ধনা জনোৱা হয় ।

Exit mobile version