গোংগেয়া নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

WhatsApp Image 2022 06 21 at 7.23.05 PM

আজি কোকৰাঝাৰ জিলাৰ ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰিমিঝিমি ঘাট, কোটপাৰা, চিথিলা ঘোপত গংগীয়া নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰে ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

উক্ত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ক্ষতিগ্ৰস্ত খেতিয়ক ৰাইজৰ স’তে মত বিনিময় কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ।

আজিৰ পৰিদৰ্শন কালত বিধায়কজনৰ লগতে উপস্থিত থাকে ডঃ ৰেজাউল কৰিম, আজাহাৰ আলী, ছাদ্দাম আলী, মৌচম শ্বেখৰ লগতে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকল ।

Exit mobile version