কর্মক্ষেত্রত সহকর্মীসকলৰ স’তে হাঁহি-স্ফূৰ্তি কৰা কাৰ্যালয় সংস্কৃতিৰ বাবে ভাল নে বেয়, তাক লৈ প্রচুৰ ভিন্ন মত আছে । একাংশৰ মতে, কাৰ্যালয়ত সহকর্মীৰ স’তে কামৰ মাজতে কিছু হাঁহি-স্ফূৰ্তি কৰাই কামৰ গতি বঢ়োৱাত সহায় কৰে । অৱশ্যে ইয়াৰ বিপৰীত মতো আছে ।
অনেকৰেই ধাৰণা, কর্মক্ষেত্রত বৃত্তিধাৰী হৈ থকাটোৱে বাঞ্ছনীয় । ইয়াৰ ফলত কম সময়ত অধিক কাম কৰিব পাৰি । অৱশ্যে মত যিয়ে নহওক কিয়, সম্প্রতি ‘লিংকড্ইন’ সংস্থাৰ তৰফৰ পৰা কৰা এটা সমীক্ষা অনুসৰি, কর্মক্ষেত্রত হাঁহি-স্ফূৰ্তি কৰাৰ তালিকাত শীর্ষত আছে দক্ষিণ ভাৰতীয়সকল । দক্ষিণ ভাৰতত প্রতি পাঁচজনৰ ভিতৰত দুজন অর্থাৎ প্রায় ৪৩ শতাংশ লোকে সমগ্ৰ দিনটোত এবাৰ হ’লেও বিভিন্ন বিষয় লৈ ঠাট্টা-মস্কৰাত অংশ লয় ।
এই তালিকাৰ দ্বিতীয় স্থানত আছে পশ্চিম ভাৰতীয়সকল (৩৮ শতাংশ), তৃতীয় স্থানত পূৱ ভাৰতীয়সকল (৩৩ শতাংশ), চতুর্থ স্থানত উত্তৰ ভারতীয়সকল (৩৬ শতাংশ) । অতিমাৰী পৰৱর্তী সময়ত অধিকাংশ কাৰ্যালয়তেই ‘ৱর্ক ফ্রম হোম’ চলিছিল । ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্রণত অহাত পুনৰ আৰম্ভ হৈছে কাৰ্যালয় । দীর্ঘ দিন পাছত পুৰণি পৰিৱেশ উভতাই আনি সহকর্মীসকলৰ স’তে পুৰণি সম্পর্ক পুনৰ আৰম্ভ কৰিবলৈ অনেকেই কামৰ মাজতে হাঁহি-ধেমালিত অংশ লৈছে । অন্তত সমীক্ষাই এই কথাই কৈছে ।