Bihar : পৰীক্ষাৰ মাজতেই গ’ল বিদ্যুৎ, মোবাইলৰ টর্চ জ্বলাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে !

1656589609 bihar college

পৰীক্ষাৰ মাজতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাত পৰীক্ষার্থীসকলক মোবাইলৰ টর্চ জ্বলাই উত্তৰ লিখাৰ নির্দেশ দিলে বিহাৰৰ মুংগেৰেৰ এখন প্ৰসিদ্ধ মহাবিদ্যালয়ে । তেওঁলোকৰ এই নির্দেশক লৈ হৈ চৈৰ সৃষ্টি হৈছে ।

বুধবাৰে মহাবিদ্যালয়ত স্নাতক প্রথম বর্ষৰ ইতিহাস পৰীক্ষা চলি থকাৰ সময়তেই বতাহ-বৰষুণৰ ফলত বিদ্যুৎ গুচি যায় । দুর্যোগপূর্ণ পৰিস্থিতিৰ বাবে অন্ধকাৰ নামি আহিছিল । পৰীক্ষা হলবোৰতো লাইট জ্বলাই দিয়া হয়, কিন্তু পৰীক্ষা চলি থকাৰ মাজতে হঠাৎ বিদ্যুৎ গুচি যায় । মহাবিদ্যালয়ৰ জেনেৰেটৰ চলাই বিদ্যুৎ আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হয় । কিন্তু অভিযোগ, জেনেৰেটৰ কাম কৰা নাছিল । ফলত মহাবিদ্যালয় কর্তৃপক্ষ‌ই পৰীক্ষার্থীসকলক, মোবাইলৰ টর্চ জ্বলাই বাকী পৰীক্ষা দিবলৈ কয় ।

মহাবিদ্যালয় কর্তৃপক্ষৰ এই নির্দেশত নিৰুপায় হৈ পৰে পৰীক্ষার্থীসকল । এজন পৰীক্ষার্থীয়ে কয়, “ম‌ই তেতিয়া উত্তৰ লিখি আছিলো । হঠাৎ বিদ্যুৎ গুচি যায় । দুর্যোগপূর্ণ পৰিস্থিতিৰ বাবে কোঠা সম্পূৰ্ণ অন্ধকাৰ হৈ গৈছিল । মহাবিদ্যালয় কর্তৃপক্ষ‌ই জেনেৰেটৰ চলাই পোহৰ কৰাৰ চেষ্টা কৰে । কিন্তু জেনেৰেটৰো বিকল হৈ যায় । ইয়াৰ পাছতেই আমাক কোৱা হয় মোবাইলৰ টর্চ জ্বলাই পৰীক্ষা দিব লাগিব ।”

পৰীক্ষার্থীজনে আৰু কয়, “এখন হাতত মোবাইলৰ পোহৰ ধৰি, অন্য হাতেৰে উত্তৰ লিখাত খুবেই কষ্ট হৈছিল ।” মহাবিদ্যালয় কর্তৃপক্ষৰ এই ধৰণৰ অব্যৱস্থাক লৈ সৰৱ হৈছে পৰীক্ষার্থীসকল ।

বিষয়টোক লৈ বিতর্ক তুংগত, মহাবিদ্যালয়ৰ বিষয়া সঞ্জয় ভাৰতী কয়, “আমি অসহায় আছিলো । জেনেৰেটৰ চলা নাছিল । যিহেতু পৰীক্ষা বাতিল কৰা সম্ভব নাছিল, সেয়ে বাধ্য হৈ পৰীক্ষার্থীসকলক মোবাইলৰ টর্চ জ্বৰাই লিখিবলৈ কোৱা হৈছে ।”

লগতে প্রশ্ন উত্থাপন হৈছে, পৰীক্ষাকেন্দ্রত কেনেদৰে মোবাইল ব্যৱহাৰৰ অনুমতি দিলে মহাবিদ্যালয় কর্তৃপক্ষ‌ই । যদিও এই বিষয়ত নীৰৱ সঞ্জয় ।

মুংগেৰৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক ৰাম আশিসে কয়, “পৰীক্ষাকেন্দ্রৰ ছুপাৰক শ্ব’ কজ কৰা হৈছে । কিয় বিকল্প ব্যৱস্থা নাছিল , তাৰ জবাবদিহি কৰা হৈছে ।” লগতে সকলো মহাবিদ্যালয়ক নির্দেশ দিছে, এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’লে তেওঁলোকে যেন বিকল্প পথ বিচাৰি লয় ।

Exit mobile version