Maharashtra Politics : মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদত শপতগ্ৰহণ একনাথ শিণ্ডেৰ, উপমুখ্যমন্ত্রী ফডণবীছ

devendra fadnavis eknath shinde 1

মহাৰাষ্ট্রৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ল একনাথ শিণ্ডে । বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে শিৱসেনাৰ বিদ্রোহী নেতাই । উপমুখ্যমন্ত্রী হিচাপে শপত ল’লে মহাৰাষ্ট্রৰ দুবাৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফডণবীছে ।

মুখ্যমন্ত্রী হিচাপে নাম ঘোষণাৰ পাছত শিণ্ডেয়ে কয়, ‘‘বালাছাহেবৰ হিন্দুত্বৰ কথা ভাবি আমি এই সিদ্ধান্ত লৈছো । আমাৰ বিধায়কসকল নিজ নিজ কেন্দ্রত উন্নয়নমূলক কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ ।’’ ফডণবীছৰ প্রতি কৃতজ্ঞতা জনাই শিণ্ডেয়ে কয়, ‘‘বিজেপিৰ ১২০ জন বিধায়ক আছে । তাৰ পাছতো মুখ্যমন্ত্রীৰ পদ গ্রহণ কৰা নাই ফডণবীছে । তেওঁৰ প্ৰতি ম‌ই কৃতজ্ঞ । লগতে প্রধানমন্ত্রী, অমিত শ্বাহৰ প্রতিও কৃতজ্ঞ’’ ।

আনহাতে, নতুন মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রীসভাত নথকাৰ বিষয়ত নিজৰ অনিচ্ছাৰ কথা জনাইছিল দেবেন্দ্র ফডণবীছে । কিন্তু শপতগ্ৰহণ অনুষ্ঠানৰ সময়তে নাটকীয় ৰূপ লয় মহাৰাষ্ট্রৰ ৰাজনীতিয়ে । দেবেন্দ্রক উপমুখ্যমন্ত্রীৰ পদ দিব বিচাৰে বিজেপিয়ে, এই মন্তব্য জে পি নড্ডাৰ । ইয়াৰ পাছতেই টুইট কৰি ফডণবীছৰ উপমুখ্যমন্ত্রী হোৱাৰ খবৰ জনায় নড্ডা‌ই । সূত্রৰ খবৰ, অমিত শ্বাহ, নড্ডাৰ অনুৰোধতেই অৱশেষত এই প্রস্তাৱত সন্মত হয় ফডণবীছ ।

বিজেপিৰ সর্বভাৰতীয় সভাপতিয়ে কয়, ‘‘বিজেপিৰ কেন্দ্রীয় নেতৃত্ব‌ই সিদ্ধান্ত লৈছে, চৰকাৰত থকা উচিত দেবেন্দ্র ফডণবীছে । তেওঁক ব্যক্তিগতভাৱে অনুৰোধ কৰা হৈছে । কেন্দ্রীয় নেতৃত্ব‌ই কৈছে, মহাৰাষ্ট্রৰ উপমুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰক ফডণবীছে’’ ।

Exit mobile version