Rain : প্রবল বৰষুণত বিপর্যস্ত মহাৰাষ্ট্রৰ শতাধিক গাঁও, তেলেংগানাৰ একাংশত জাৰি ৰঙা সতর্কতা

rains 1657431341

প্ৰবল বৰষুণত বিপর্যস্ত মহাৰাষ্ট্র, তেলেংগানা, কর্নাটকৰ বিভিন্ন অঞ্চল । মহাৰাষ্ট্ৰৰ ১৩০খন গাঁও বিধ্বস্ত হৈ পৰিছে । ইয়াৰে ১২৮খন গাঁৱৰ স’তে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।

বিগত কে’বা দিন ধৰি মহাৰাষ্ট্রৰ বিভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত হৈ আছে । তথ্য অনুসৰি, পূৱ মহাৰাষ্ট্রৰ গঢ়ছিৰোলি জিলাত ১২৮খন গাঁৱৰ সম্পূর্ণ যোগাযোগ-বিচ্ছিন্ন হৈ পৰিছে । একেই অৱস্থা মৰাঠৱাৰা অঞ্চলৰ হিংগোলি আৰু নান্দেড জিলাত । শুকুৰবাৰ আৰু শনিবাৰে তাত প্ৰবল বৃষ্টিপাত হৈছে বুলি প্রশাসন সূত্রে খবৰ । হিংগোলি জিলাৰ বস্মত তালুক অঞ্চলত বিগত ২৪ ঘণ্টাত ১৫০ মিলিমিটাৰ বৰষুণ হৈছে ।

মহাৰাষ্ট্রৰ লগতে তেলংগানাতো প্ৰবল বৃষ্টিপাত হৈছে । জয়শংকৰ ভুপালপল্লি, নিজামাবাদ আৰু ৰাজন্ন ছিৰছিল্লা জিলাত প্ৰবল বৰষুণৰ ফলত ৰঙা সতর্কতা জাৰি কৰা হৈছে । অত্যাৱশ্যক নহ’লে ঘৰৰ বাহিৰত নোলোৱাৰ পৰামর্শ দিছে মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাৱে । অন্ধ্রপ্রদেশ আৰু গুজৰাটৰ কিছু অংশতো প্ৰবল বৃষ্টিপাত হৈছে ।

প্ৰবল বৰষুণত জুৰুলা উত্তৰাখণ্ড, পূৱ উত্তৰ প্রদেশ, উৰিষ্যা, গোৱা, ছত্তীছগঢ়, মধ্যপ্রদেশ, কেৰালা, কর্নাটকৰ বিভিন্ন অঞ্চল । বতৰ বিজ্ঞান সূত্রে খবৰ, সম্প্ৰতি মধ্য ভাৰত আৰু পশ্চিম উপকূলৱর্তী অঞ্চলত সক্রিয় আছে মৌসুমী বায়ু । তাৰ ফলত আগন্তুক পাঁচ দিন বৰষুণ অব্যাহত থাকিব । দেওবাৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন অঞ্চলতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ।

Exit mobile version