Sri Lanka Crisis : গণৰোষত উত্তাল শ্রীলংকা, ভাৰপ্রাপ্ত ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা অধ্যক্ষ মহিন্দা আবেৱাৰ্দেনাৰ

m82ot2m4 sri lanka

আর্থিক সংকটত জুৰুলা শ্রীলংকাৰ পৰিস্থিতি অগ্নিগর্ভ । ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষ ‘সন্ধানহিন’ হৈ আছে । প্রধানমন্ত্রী ৰনিল বিক্রমসিংহেৰ গাদিও থৰক্-বৰক্ । ৰাষ্ট্ৰপতিৰ প্রাসাদত উত্তাল বিক্ষোভকাৰীসকল । এনে অৰাজক পৰিস্থিতিত দ্বীপৰাষ্ট্রৰ ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰিব পাৰে অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্দেনাই ।

সংবাদ সংস্থা সূত্রে খবৰ, অহা ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা ৰাজাপক্ষ‌ই পদত্যাগ দিলে ভাৰপ্রাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্রহণ কৰিব পাৰে অধ্যক্ষই‌ । উল্লেখ্য, ১৩ জুলাইত ৰাষ্ট্ৰপতি পদৰ পৰা ৰাজাপক্ষ‌ই ইস্তফা দিব বুলি শ্রীলংকাৰ ৰাষ্ট্ৰপতিয়ে আগতেই জনাইছিল ।

সূত্র মাৰফত জানিব পৰা গৈছে, সর্বদলৰ অন্তৰ্বর্তী চৰকাৰ গঠন কৰা হ’ব শ্রীলংকাত । পৰিস্থিতি কিছু স্বাভাৱিক হ’লে সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হ’ব ।

উল্লেখ্য, যোৱা শুকুৰবাৰৰ পৰা শ্রীলংকাৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈছে । চৰকাৰ বিৰোধী আন্দোলন ক্রমশ বৃদ্ধি পাই থাকে । এটা সময়ত ৰাষ্ট্ৰপতিৰ প্রাসাদত প্ৰৱেশ কৰে বিক্ষোভকাৰীসকলে । তাৰ পূৰ্বেই অৱশ্যে ৰাজাপক্ষক স্থানান্তৰ কৰা হয় । এই ঘটনাৰ পাছত প্রধানমন্ত্রীৰ বাসভৱনত জুই জ্বলাই দিয়ে বিক্ষোভকাৰীসকলে ।

Exit mobile version