নগাঁও কাগজ কলৰ যোগানকাৰীক অনাদায় ৪৪০ কোটি

চৰকাৰক সহায় প্ৰাৰ্থনা

Nagaon Paper Mill 1

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰাপ্য ধনকে ধৰি সা-সুবিধাসমূহ লাভ কৰাত বিষয়া-কৰ্মচাৰীসকলৰ মাজত সন্তুষ্টি বিয়পিছে যদিও এতিয়াও অথাই সাগৰত আছে দুয়োটা উদ্যোগৰ এসময়ৰ ঠিকাদাৰ আৰু যোগানকাৰীসকল । দুয়োটা উদ্যোগৰ কঠিন সময়তো ধন বিনিয়োগ কৰি বাঁহ, কাঠ, কয়লাকে ধৰি সকলো ধৰনৰ কেঁচামাল যোগান ধৰি অহাৰ লগতে শ্ৰমিকৰ যোগান আৰু ব্যৱহাৰিক দিশ তদাৰক কৰা ঠিকাদাৰ যোগানকাৰীসকলে ৪৪০ কোটি টকা পাবলৈ আছে ।

জানিব পৰা মতে, যোৱা পাঁচ বছৰে এই ধন অনাদায় হৈ থকাত ঠিকাদাৰ যোগানকাৰীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে । বহু যোগানকাৰী প্ৰতিস্থান দেউলীয়া হোৱাৰ লগতে বেংক আৰু ব্যক্তিগত ঋণত পোত গৈ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হৈছে । আনকি বহু যোগানকাৰীয়ে প্ৰতিষ্ঠান বন্ধ কৰি এতিয়া ধাৰত কক্‌বকাই আছে আৰু তেওঁলোকৰ অন্য ব্যৱসায় কৰিবলৈ হাতত সামান্যতমো ধন নাই বুলি জানিবলৈ দিছে বহুকেইজন যোগানকাৰীয়ে ।

উল্লেখ্য যে কাগজ কলৰ বহু যোগানকাৰীৰ কোটি কোটি টকা কেনেকৈ ঘূৰাই পাব তাকে ভাবি দিন পাৰ কৰাৰ সময়তে উদ্যোগ দুটাৰ বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপত তেওঁলোকে আশাৰ ৰেঙনি দেখিবলৈ পাইছে । যোগানকাৰীসকলৰ ক্ষেত্ৰটো একেই ব্যৱস্থা গ্ৰহণ কৰি অনাদায় হৈ থকা ধন আদায় পাবৰ বাবে পৰৱৰ্তী পৰ্যায়ত পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ।

কাগজ কলৰ যোগনিয়াৰ ঠিকাদাৰসকলৰ পৰা জানিব পৰা মতে, তেওঁলোকৰ লগতে পৰিয়ালৰ লোক সকলেও বৰ্তমান বহু সমস্যা আৰু অভাৱ অভিযোগৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে । বৃহৎ যোগনিয়াৰসকলৰ লগতে কাৰ্বিআংলং জিলাৰ পৰা বাঁহ যোগান ধৰা সৰু সৰু যোগনিয়াৰসকলেও ২০/২৫ লাখকৈ টকা কাগজ কলৰ পৰা পাবলৈ থাকি গ’ল । ফলত এতিয়া তেওঁলোকে অভাৱৰ মাজত দিন কটাবলগীয়া হৈছে ।

বহু যোগানকাৰীয়ে ধনৰ অভাৱত যানবাহন বিক্ৰী কৰিবলগীয়া হৈছে । আনহাতে, বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আদালতলৈ দৌৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে । এনে সময়ত মুখ্যমন্ত্ৰীগৰাকীক এই যোগানকাৰীসকলৰ সমস্যাটোও মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা সমাধান কৰি যোগানকাৰী তথা তেওঁলোকৰ পৰিয়ালৰ লোকক সকাহ দিবৰ বাবে নগাঁও কাগজ কলৰ ঠিকাদাৰ যোগানকাৰী সংস্থাই আহ্বান জনাইছে ।

উল্লেখনীয় যে মিল দুটাৰ কঠিন সময়তো এইসকল যোগানকাৰী ঠিকাদাৰেই কেঁচা সামগ্ৰী যোগান ধৰি উদ্যোগটো চলাই ৰাখিছিল । তেওঁলোকে উদ্যোগ দুটা চলি থাকিব বুলি ভাবিয়েই কোটি কোটি টকা বিনিয়োগ কৰিছিল যদিও হঠাৎ উদ্যোগ দুটা বন্ধ হৈ যোৱাত যোগানকাৰী সকলৰো ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিল । তেওঁলোকৰ প্ৰাপ্য ধন আদায়ৰ ক্ষেত্ৰত পদক্ষেপ ল’বৰ বাবে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাক কাতৰ অনুৰোধ জনাইছে ।

Exit mobile version